ডিমা হাছাও ৯ জুনঃ ডিমা হাছাও জিলাত দুদিন ধৰি ব্যাহত হৈ আছে বিএছএনএলৰ পৰিসেৱা । শনিবাৰৰ ৰাতিৰ পৰা গোটেই পাহাৰীয়া জিলাখনত বিএছএনএল পৰিসেৱা ব্যাহত হৈ পৰাৰ কাৰণে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ।
অধিক পঢ়কঃ বিলাসীপাৰাত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি
ইয়াৰ ফলতে জিলাখনত ব্যাহত হৈ পৰিছে ইণ্টাৰনেট পৰিসেৱাও । বিগত কিছু দিনৰ পৰাই জিলাখনত গ্ৰাহক ৰাইজে এইদৰে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷
ডিমা হাছাও জিলাত বি এছ এন এল পৰিছেৱা দুদিনৰ পৰা বিপৰ্যস্ত ডিজিটেল ইণ্ডিয়াত এতিয়া এইদৰে মৃত্যুঘন্টা বাজিছে চৰকাৰী পৰিসেৱাৰ ৷ আনহাতে এই সেৱা কেতিয়ালৈকে সুচল হৈ উঠিব সেয়া বিএছএনএল কৰ্তৃপক্ষয়ো ক'ব পৰা নাই । পাৱাৰ প্লাণ্ট বিকল হৈ পৰাৰ ফলতে এইদৰে পৰিসেৱা ব্যাহত হৈ পৰিছে বুলি বিএছএনএল কৰ্তৃপক্ষই সদৰী কৰিছে ৷