চিকেন পকৰাত ওলাত বিষাক্ত পোক বৰপেটাৰোড 8 জুন:আপুনি ফাষ্টফুড খাই ভাল পায় নেকি ? তেন্তে সাৱধান হওক ! কাৰণ বৰপেটাৰোডত ফাষ্টফুডৰ ওলাল বিষাক্ত পোক ৷ খাদ্যত পোক ওলোৱাত গ্ৰাহকৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷
বৰপেটাৰোডৰ অম্বিকাগিৰী চকত থকা ‘জয়জ্যোতি ৱ কিটছেন’ নামৰ ফাষ্টফুডৰ দোকানখনত খাদ্যত বিষাক্ত পোক ওলোৱাৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, সৰভোগৰ পৰা এটা পৰিয়াল ফাষ্টফুডৰ জুতি ল’বলৈ বুধবাৰে সন্ধিয়া বৰপেটাৰোডৰ উক্ত ফাষ্টফুডৰ দোকানখনলৈ আহিছিল ৷ পৰিয়ালটোৱে ফাষ্টফুডৰ দোকানত চিকেন ৰোল আৰু চিকেন পকৰা খাবলৈ বুলি অৰ্ডাৰ দিয়ে (Worms found in food) ৷
কিছুসময়ৰ পাচত প্লেটত যোগান ধৰা খাদ্যখিনি খাই থকাৰ সময়ত চিকেন পকৰাৰ ভিতৰত বিষাক্ত পোক প্ৰত্যক্ষ কৰে (Worms in chicken pokora) ৷ খাদ্যত পোক ওলোৱা কথাখিনি জয়জ্যোতি ফাষ্টফুডৰ স্বত্বাধিকাৰীক অৱগত কৰোৱাত গ্ৰাহক আৰু দোকানখনৰ স্বত্বাধিকাৰীৰ মাজত তৰ্ক যুদ্ধৰ সৃষ্টি হয় (Barpeta restaurant controversy) ।
খাদ্যত বিষাক্ত পোক ওলোৱাৰ অভিযোগ মানি নলয় দোকানখনৰ স্বত্বাধিকাৰীয়ে ৷ এইলৈ গ্ৰাহক আৰু ফাষ্টফুডৰ স্বত্বাধিকাৰীৰ মাজত চলি থকা বাকবিতণ্ডাই তীব্ৰ ৰূপ ধাৰণ কৰে ৷ ফলত উক্ত ফাষ্টফুডৰ দোকানখনত বৰপেটাৰোড আৰক্ষী আৰু খাদ্য সুৰক্ষা বিভাগৰ (Food safety department) পৰিদৰ্শক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷
খাদ্য সুৰক্ষা বিভাগে ফাষ্টফুডৰ দোকানখনৰ পৰা খাদ্যৰ নমুনা সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ‘জয়জ্যোতি ৱ কিটছেন’ নামৰ ফাষ্টফুডৰ দোকানখন মূল পথৰ ফুটপাথতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে ব্যৱসায় কৰি আহিছিল । লগতে নিতৌ পথেৰে শ শ যানবাহন চলাচল কৰাৰ ফলত ধূলি-বালি উৰি খাদ্যত পৰে আৰু সেই খাদ্যকেই গ্ৰাহকক যোগান ধৰি আহিছে ফাষ্টফুডৰ দোকানখনে ৷
গতিকে ঘৰৰ বাহিৰত খাদ্য খোৱাৰ সময়ত আপুনিও হওক সাৱধান ৷ অপৰিষ্কাৰ স্থানত থকা বিপণিত খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷
লগতে পঢ়ক:Miners die in coal mine : আকৌ অঘটন; লিডুৰ কয়লাখনিত দুই শ্ৰমিকৰ মৃত্যু