বৰপেটা, ১৯ আগষ্টঃআজি বিশ্বজুৰি পালন কৰা হৈছে আলোকচিত্ৰ দিৱস ৷ ১৯৩৯ চনৰ ১৯ আগষ্টত ফ্ৰাঞ্চত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল বিশ্ব আলোকচিত্ৰ দিৱস ৷ তাৰ পিচৰ পৰাই প্ৰতিবছৰে বিশ্বজুৰি অনুষ্ঠিত হৈ আহিছে আলোকচিত্ৰ দিৱস ৷ বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে বৰপেটাতো অনুষ্ঠিত কৰা হৈছে আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ ৷
আজি বিশ্ব আলোকচিত্ৰ দিৱস - আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান
বিশ্বত আজি পালন কৰা হৈছে ‘বিশ্ব আলোকচিত্ৰ দিৱস’ ৷ আলোকচিত্ৰ দিৱস উপলক্ষে আজি বৰপেটাত অনুষ্ঠিত কৰা হৈছে ফটোগ্ৰাফী প্ৰদৰ্শনীৰ অনুষ্ঠান ৷
বৰপেটাৰ এগৰাকী মননশীল ফটোগ্ৰাফাৰ সত্যজিৎ বায়নৰ প্ৰায় 40 খন চিত্ৰকলৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰদৰ্শনী অনুষ্ঠান ৷ বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ বিবিধ সমলৰ লগতে আলোকচিত্ৰ সমূহত স্থান পাইছে সমাজ আৰু প্ৰকৃতিয়ে ৷ দেওবাৰৰ পৰা বৰপেটা প্ৰেছ ক্লাৱত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে এই প্ৰদৰ্শনী অনুষ্ঠানৰ ৷ এই আলোকচিত্ৰ প্ৰদৰ্শনীখনৰ জৰিয়তে বৰপেটাৰ নতুন প্ৰজন্মক আলোকচিত্ৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰেই এই প্ৰচেষ্টা হাতত তুলি লৈছে সত্যজিৎ বায়নে ৷ ইতিমধ্যে প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হোৱা আলোকচিত্ৰ সমূহে চিত্ৰৰসিক সকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰৰ পৰা যথেষ্ঠ সংখ্যক ক’লা অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে এই আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানত ৷