অসম

assam

ETV Bharat / state

বৰপেটা প্ৰেছ ক্লাৱত ধপাত সেৱনৰ ভয়াৱহতা শীৰ্ষক কৰ্মশালা - Workshop about Tobacco Related Cancer Incidence

ৰাজ্যত ধপাত নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছে যদিও তাক কাৰ্যকৰী নকৰাৰ বাবেই ধপাতৰ প্ৰচলন বৃদ্ধি পোৱা বুলি উল্লেখ কৰে ধপাত নিয়ন্ত্ৰণ কোষৰ ন'ডেল বিষয়া হিকমত আলী আহমেদে ৷

Workshop about Tobacco Related Cancer Incidence
বৰপেটা প্ৰেছ ক্লাৱত ধপাত সেৱনৰ ভয়াৱহতা শীৰ্ষক কৰ্মশালা

By

Published : Nov 21, 2020, 9:04 PM IST

বৰপেটা, ২১ নৱেম্বৰঃ বৰপেটা প্ৰেছ ক্লাৱত শনিবাৰে ধপাত সেৱনৰ ভয়াৱহতা শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয় ৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত গঠিত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাখনত অংশগ্ৰহণ কৰি ধপাত নিয়ন্ত্ৰণ কোষৰ বৰপেটাৰ জিলাৰ ন'ডেল বিষয়া হিকমত আলী আহমেদৰ ভয়াৱহ তথ্য প্ৰকাশ কৰে ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মুখগহ্বৰত সৃষ্টি হোৱ কৰ্কট ৰোগৰ ৯০ শতাংশ ধপাত সেৱনৰ ফলত হোৱা ৷ বিষয়াগৰাকীয়ে লগতে ধপাত সেৱন বন্ধ কৰিলে মুখত সৃষ্টি হোৱা কৰ্কট ৰোগৰ ৫০ শতাংশ ৰোধ কৰিব পৰা যাব বুলি দাবী কৰে ৷ সেয়ে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে সকলো লোককে ধপাত সেৱন বন্ধ কৰিবলৈ আহ্বান জনায় ৷

বৰপেটা প্ৰেছ ক্লাৱত ধপাত সেৱনৰ ভয়াৱহতা শীৰ্ষক কৰ্মশালা

ইপিনে ৰাজ্যত ধপাত নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছে যদিও তাক কাৰ্যকৰী নকৰাৰ বাবেই ধপাতৰ প্ৰচলন বৃদ্ধি পোৱা বুলি দাবী কৰে ধপাত নিয়ন্ত্ৰণ কোষৰ ন'ডেল বিষয়াগৰাকীয়ে ৷ তেওঁ ধপাত নিষিদ্ধ আইনৰ জৰিয়তে এতিয়ালৈকে ৰাজ্যৰ ৮ খন জিলাত মাথো আঠশজন লোককহে আৰক্ষীয়ে জৰিমনা বিহিছে বুলি উল্লেখ কৰি বিদ্যালয় মহাবিদ্যালয়সমূহৰ প্ৰধান সকলক শিক্ষানুস্থানৰ চৌহদৰ দুশ মিটাৰৰ ভিতৰত থকা ধপাত বিক্ৰী কৰা দোকানীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে ৷ কৰ্কটৰ পৰা ৰাজ্যৰ নৱ প্ৰজন্মক ৰক্ষা কৰা আৰু কৰ্কটমুক্ত সমাজ এখনৰ বাবে ধপাত সেৱন বন্ধ কৰিবলৈ আৰু ৰাজহুৱা স্থানত ধপাত সেৱনৰ বিৰুদ্ধে জৰিমনা কাৰ্যকৰী কৰিবলৈ দাবী জনায় ৷

বৰপেটা প্ৰেছ ক্লাৱত ধপাত সেৱনৰ ভয়াৱহতা শীৰ্ষক কৰ্মশালা

কৰ্মশালাখনত অংশগ্ৰহণ কৰি টাটা ট্ৰাষ্টৰ হেল্থ কেয়াৰ মেনেজাৰ কিশোৰ বৰ্মনে জনোৱা মতে, বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ চৌহদত নিৰ্মীয়মান অৱস্থাত থকা পূৰ্ণ পৰ্যায়ৰ কৰ্কট হাস্পাতালখন সম্পূৰ্ণ হৈ উঠিলে নামনি অসমৰ কৰ্কট ৰোগীসকলে সকাহ লাভ কৰিব বুলি প্ৰকাশ কৰে ৷ সম্প্ৰতি কৰ্কট হাস্পাতালখনৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি থকা বুলি সদৰি কৰি টাটা ট্ৰাষ্টৰ হেল্থ কেয়াৰ মেনেজাৰজনে উল্লেখ কৰা মতে, অচিৰেই বৰপেটা মেডিকেল কলেজ হাস্পাতালত কেম' লোৱাৰ ব্যৱস্থা উপলব্ধ হোৱাৰ লগতে কৰ্কট হাস্পাতালখন অহা বৰ্ষৰ ভিতৰত সস্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে ৷

বৰপেটা প্ৰেছ ক্লাৱত ধপাত সেৱনৰ ভয়াৱহতা শীৰ্ষক কৰ্মশালা

লগতে পঢ়ক: আমিনগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু CITUৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details