জনীয়া,১৭ মে: বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ জাহৰপাম গাঁৱৰ পুৰণি কাঠৰ দলংখন আজিও নিৰ্মাণ হৈ নুঠাত ৰাইজেই শ্ৰমদান কৰি মেৰামতি কৰে দলংখন। নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো সাজি এতিয়া যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে।
কাণসাৰ নাই চৰকাৰৰ:ৰাইজেই মেৰামতি কৰিলে জৰাজীৰ্ণ দলং - ETV ASSAM
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ জাহৰপাম গাঁৱৰ পুৰণি কাঠৰ দলংখন আজিও ঢুকি নাপালে চৰকাৰী আঁচনিয়ে। ইয়াৰ ফলত ৰাইজে শ্ৰমদান কৰি নিজৰ গাঁঠিৰ ধনেৰে বাঁহৰ সাঁকো তৈয়াৰ কৰি যাতায়ত কৰিবলগীয়া হৈছে।

ৰাইজেই মেৰামতি কৰিলে জৰাজীৰ্ণ দলং
কাণসাৰ নাই চৰকাৰৰ : ৰাইজেই মেৰামতি কৰিলে জৰাজীৰ্ণ দলং
পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পাছত পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰ গঠন কৰা তিনিবছৰ উকলিল যদিও উন্নয়নৰ মুখ নেদেখিলে অঞ্চলটোৰ ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ বাবেই কাদঙৰ পৰা বৰপেটা অভিমুখী দলংখনৰ বাবে যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ সেয়েহে অতিশীঘ্ৰে দলংখন নিৰ্মাণ কৰি যাতায়তৰ পথ মোকলাবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।