অসম

assam

ETV Bharat / state

তাৰাকান্দিত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠ ভৰ্তি নাও - কলগাছিয়া আৰক্ষী

বেকী নদীৰে চোৰাংকৈ কাঠ সৰবৰাহ কৰাই সময়তেই মইনবৰ আৰক্ষীয়ে জব্দ কৰে এখন নাও ৷ চালক সম্পৰ্কে একো মন্তব্য নিদিলে আৰক্ষীয়ে

wood smuggling
চোৰাংভাৱে সৰবৰাহ কৰা কাঠেৰে ভৰ্তি নাও জব্দ

By

Published : Nov 17, 2021, 8:11 PM IST

জনিয়া, 17 নবেম্বৰ:ৰাজ্যত অব্যাহত আছে চোৰাং ভাৱে সৰবৰাহ কৰা কাঠৰ এক ৰমৰমীয়া বেহা ৷ আৰক্ষী তথা বন বিভাগলৈ কেৰেপ নকৰি দুষ্টচক্ৰই চলাই গৈছে কাঠৰ অবাধ ব্যৱসায় ৷ বিভিন্ন সময়ত বন বিভাগকে ধৰি আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ হৈ অহা কাঠ জব্দ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত একাংশক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও চলি আছে বহু মূল্যৱান কাঠৰ চোৰাং সৰবৰাহ ৷

কলগাছিয়া থানাৰ অন্তৰ্গত তাৰাকান্দিত বেকী আৰু ব্ৰহ্মপুত্ৰ নদীৰে পূৰ্বৰে পৰাই গোপনে চলি আহিছিল কাঠৰ চোৰাং সৰবৰাহ ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে কলগাছিয়াৰ তাৰাকান্দিত আৰক্ষীয়ে চলালে এক অভিযান ৷

মইনবৰী আৰক্ষীৰ এটা দলে চলোৱা এই অভিযানত তাৰাকান্দিৰ বেকী নদীৰ পাৰঘাটত অবৈধভাৱে সৰবৰাহ কৰা কাঠ ভৰ্তি এখন যন্ত্ৰচালিত নাও জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে কাঠ সৰবাহৰ লগত জড়িত চক্ৰটোকো কাঠখিনি আনলোড কৰি থকা অৱস্থাতে কৰিলে আটক ৷

তাৰাকান্দিত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা কাঠ ভৰ্তি নাও

বুধবাৰে নিশা জব্দ কৰা কাঠসমূহ পৰৱৰ্তী সময়ত বন বিষয়া প্ৰণৱ দাসৰ নেতৃত্বত বৰপেটাৰোড বন উপ-সংমণ্ডল কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইফালে নিশা অন্ধকাৰৰ সুযোগ লৈ মানাহ অভয়াৰণ্যৰ পৰা বেকী নদীৰ জলপথেৰে চোৰাংকৈ কাঠৰ সৰবৰাহ হৈ অহা বুলি অভিযোগ তুলিছে অঞ্চলটোৰ একাংশ সচেতন লোকে ৷

লগতে চাওক :Drugs Seized :বোকাজানত প্ৰায় 12 কোটি টকাৰ হেৰ’ইন জব্দ

ABOUT THE AUTHOR

...view details