কলগাছিয়া, 28 ডিচেম্বৰ:আজি পূৱ কলগাছিয়াত বন বিভাগ আৰু SSB জোৱানে এক অভিযান চলাই এটা বৃহৎ কাঠৰ মিল উচ্ছেদ কৰে ৷ মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰে মেচিনসহ লক্ষাধিক টকাৰ কাঠ ৷
কলগাছিয়াত বন বিভাগৰ উচ্ছেদ অভিযান ! জব্দ লক্ষাধিক টকাৰ কাঠ - বন শাখা বিষয়া ভূৱেন চন্দ্ৰ ডেকা
মিল উচ্ছেদ কৰাৰ লগতে জব্দ কৰে মেচিনসহ লক্ষাধিক টকাৰ কাঠ ৷ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বহু ঠাইত অবৈধ কাঠ ফলা মিল গোপনে চলাই থকা বুলি জানিব দিয়ে স্থানীয় ৰাইজে ৷
মিল উচ্ছেদ
উল্লেখ্য যে, এই অভিযান চলায় বৰপেটা ৰোড আঞ্চলিক বনবিভাগৰ নিৰ্দেশ মৰ্মে সৰভোগ বন শাখা বিষয়া ভূৱেন চন্দ্ৰ ডেকাৰ নেতৃত্বত আৰু হাউলীৰ 64তম BN SSB জোৱানৰ এটা শক্তিশালী দলে ৷ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বহু ঠাইত বৰ্তমানেও অবৈধ কাঠ ফলা মিল গোপনে চলাই থকা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷