বৰপেটাৰোড, 6 ডিচেম্বৰ: বৰপেটাৰোডৰ মিছন ৰোডৰ ডাউন টাউনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ সোমবাৰে বৰপেটাৰোডত এগৰাকী বনকৰা যুৱতীৰ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃতদেহ (Women mysterious death case at Barpeta road)৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ নিহত বনকৰা যুৱতীগৰাকীৰ নাম লীলামনি মাদ্ৰী ৷ তথ্য অনুসৰি, 19 বছৰীয়া বনকৰা যুৱতীগৰাকী আদিবাসী সম্প্ৰদায়ৰ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, বৰপেটাৰোডৰ তিনি নম্বৰ ৱাৰ্ডৰ মিছন ৰোডৰ ডাউন টাউনৰ বুদ্ধদেৱ ফাদাংগিৰী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল শিক্ষক বদ্ৰী লুইটেল ৷ এই শিক্ষকগৰাকীৰ ঘৰতে বনকৰা যুৱতী হিচাবে আছিল লীলামনি মাদ্ৰী ৷ সোমবাৰে শিক্ষক বদ্ৰী লুইটেল আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী বিদ্যালয়লৈ যোৱাৰ পিছত পৰিত্যক্ত টিনপাতৰ চালি এখনৰ তলত বনকৰা যুৱতীগৰাকীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত প্ৰত্যক্ষ কৰে তেওঁলোকৰ পুত্ৰই (Mysterious death at Barpeta road) ৷
তাৰ পাচতে ভয়ত বিতত হৈ শিক্ষকগৰাকীৰ পুত্ৰই খবৰ দিয়ে পিতৃ-মাতৃক ৷
পৰৱৰ্তী পৰ্য়ায়ত শিক্ষক দম্পতীয়ে ঘটনা সন্দৰ্ভত বৰপেটাৰোড আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় বৰপেটাৰোড আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঔম প্ৰকাশ তিৱাৰীৰ লগতে আৰক্ষীৰ এটা দল ৷ উক্ত স্থানত আৰক্ষী বিষয়াগৰাকীয়ে বনকৰা যুৱতীগৰাকীৰ কাষতে কেৰাচিন তেলৰ বটল আৰু কিছু খৰি পৰি থকা প্ৰত্যক্ষ কৰে ৷