অসম

assam

কলগাছিয়াৰ পৰা মহিলা নিৰুদ্দেশ,গোচৰ ৰুজু

By

Published : Jan 18, 2020, 4:45 PM IST

বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে বাক্কাৰ আলীৰ স্ত্ৰী ছালেহা খাতুন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷

Women Missing From Kalgachia, FIR lodged
কলগাছিয়াৰ পৰা মহিলা নিৰুদ্দেশ, গোচৰ ৰুজু

কলগাছিয়া,18 জানুৱাৰীঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মহিলা নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বলাই পাথাৰ গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী বিবাহিত মহিলা ৷

কলগাছিয়াৰ পৰা মহিলা নিৰুদ্দেশ, গোচৰ ৰুজু

বিগত কিছুদিন ধৰি ৰাজ্যত ক্ৰমাগতভাৱে সংঘটিত হৈ আহিছে মহিলা নিৰুদ্দেশৰ ঘটনা ৷ শেহতীয়াকৈ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বলাই পাথাৰ গাঁৱৰ বাক্কাৰ আলীৰ স্ত্ৰী ছালেহা খাতুন বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে ৷ মাকৰ ঘৰলৈ যাও বুলি ওলাই যোৱা মহিলাগৰাকী এতিয়ালৈকে সন্ধানহীন হৈ আছে ৷ পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও ছালেহা খাতুনৰ কোনো সন্ধান নোপোৱাত বিগত 17 জানুৱাৰীত কলগাছিয়া আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰে ৷

যদি কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান পায় তেতিয়াহ'লে পৰিয়ালৰ লোকৰ লগতে কলগাছিয়া আৰক্ষী চকীত নাইবা 9107911218নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী তথা পৰিয়ালৰ লোকে।

লগতে চাওকঃহিন্দু যুৱতীক অপহৰণ কৰা পাকিস্তানী বিষয়ালৈ ভাৰত চৰকাৰৰ চমন

ABOUT THE AUTHOR

...view details