অসম

assam

ETV Bharat / state

হৃদয় বিদাৰকঃ পুত্ৰই ডিঙি চেপি হত্যা কৰিলে মাতৃক !

ধনৰ বাবে পুত্ৰই হত্যা কৰিলে মাতৃক ৷ প্ৰথমে মাৰ-পিট কৰি পাচত ডিঙি চেপি হত্যা কৰা বুলি অভিযোগ তুলিছে মৃত মহিলাগৰাকীৰ কন্যাই ৷ সম্প্ৰতি পলাতক অভিযুক্ত যুৱকজন ৷

By

Published : May 3, 2020, 8:32 PM IST

women killed by her son for money in borpeta
women killed by her son for money in borpeta

বৰপেটা, ৩ মে' :মানৱ সমাজক জোঁকাৰি যোৱা এটা ঘটনা সংঘটিত হৈছে বৰপেটাৰ নগাঁৱত ৷ কেইটামান ধনৰ বাবেই পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে মাতৃক ৷ বিভিন্ন অপৰাধৰ সৈতে জড়িত মন্টু আলী নামৰ যুৱকজনে ডিঙি চেপি মাতৃক হত্যা কৰা বুলি অভিযোগ তুলিছে পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোকে ৷

জানিব পৰা মতে প্ৰায়েই টকা-পইচাৰ বাবে মাতৃক অত্যাচাৰ চলাইছিল মন্টুু আলীয়ে ৷ আনকি বৃদ্ধ পেঞ্চনৰ ধনখিনিও মাতৃৰ পৰা কাঢ়ি নিছিল মন্টুৱে ৷ ধন দিবলৈ অস্বীকাৰ কৰিলেই পুত্ৰই মাৰপিট কৰিছিল বৃদ্ধাগৰাকীক ৷ শনিবাৰে নিশাও কোনো কথাক লৈ মাতৃক মাৰপিট কৰিছিল যুৱকজনে ৷ শেষত বিচনাত মৃত অৱস্থাত উদ্ধাৰ হয় বৃদ্ধাগৰাকী ৷

পুত্ৰই ডিঙি চেপি হত্যা কৰিলে মাতৃক !

প্ৰথমাৱস্থাত, মন্টু আলীয়ে মাতৃৰ স্বাভাৱিক মৃত্যু বুলি পতিয়ন নিয়াব বিচাৰিছিল গাঁওবাসীক ৷ কিন্তু মৃতদেহৰ মুখেৰে তেজ ওলাই থকাত আৰু ডিঙিত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰি বৃদ্ধা মাতৃগৰাকীক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰি গাঁওৰ লোকে বৰপেটা আৰক্ষীক খবৰ দিয়ে ৷ মৃত মহিলাগৰাকীৰ দুই কন্যায়ো ককায়েকে মাতৃক হত্যা কৰা বুলি অভিযোগ কৰিছে ৷

আনহাতে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই অভিযুক্ত মন্টু আলীয়ে ঘৰৰ পৰা পলায়ন কৰে ৷ দুই ভগ্নীয়ে জনোৱা মতে, বিভিন্ন অপৰাধত জড়িত মন্টুৱে কেইবাবাৰো জেলৰ ভাত খোৱাৰ লগতে কিছুদিন পূৰ্বেহে জেলৰ পৰা ওলাই আহিছিল ৷ মাতৃ হত্যাৰ এনে বৰ্বৰোচিত ঘটনাই সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : ৰমজানৰ মাজতে দুই ফৈদৰ সংঘৰ্ষত জ্বলিল মছজিদ !

ABOUT THE AUTHOR

...view details