বৰপেটা , 14 জানুৱাৰী : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খংৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ মৃতকৰ পৰিয়ালৰ । মৃত মহিলাগৰাকীৰ নাম আঞ্জুৱাৰা বেগম ।
সোমবাৰে নিশা নিজ বাসগৃহত গৰুৰ দৰখৰে চিপ লোৱা বুলি স্বামী ইকৰাম আলীয়ে জানিবলৈ দিয়ে । নিশাই স্বামীয়ে মৃতদেহ নমাই থোৱাত সৃষ্টি হৈছে ৰহস্যৰ । প্ৰায় দহ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আঞ্জুৱাৰা বেগম । বিয়াৰ পিছৰে পৰা স্বামী ইকৰাম আলীয়ে যৌতুকজনিত কাৰণত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালৰ ।