বজালী, 19 এপ্ৰিল :বজালী জিলাৰ চৌখুটি গাঁৱত নতুনকৈ স্থাপিত হোৱা এখন সুৰাৰ বিপনী বন্ধ কৰাৰ দাবীৰে ওলাই আহিল গাঁওখনৰ শতাধিক মহিলা ৷ আই এম এফ এল অন চপ (IMFL On Shop) নামৰ সুৰাৰ বিপনীখন বন্ধ কৰাৰ দাবীৰে সোমবাৰে গাঁৱৰ শতাধিক মহিলা ওলাই আহে ৷ সুৰাৰ বিপনীখন স্থাপন হোৱাৰে পৰা অঞ্চলটোত বিভিন্ন ধৰণে শান্তি বিঘ্নিত হোৱাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে মহিলা সকলে বিপনী খনত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
বজালীত সুৰাৰ বিপনী বন্ধ কৰিবলৈ ওলাই আহিল নাৰী শক্তি - wine shop in bajali
বজালী জিলাৰ চৌখুটি গাঁৱত নতুনকৈ স্থাপিত হোৱা সুৰাৰ বিপনী বন্ধ কৰাৰ দাবী গাঁৱৰ শতাধিক মহিলাৰ ৷ গ্ৰাম্যাঞ্চলত স্থাপন কৰা সুৰাৰ বিপনী বন্ধ কৰিবলৈ বজালী জিলা প্ৰশাসনক দাবী মহিলাসকলৰ ৷
সুৰাৰ বিপনী বন্ধ কৰিবলৈ ওলাই আহিল নাৰী শক্তি
যিকোনো পৰিস্থিতিত বিপনীখন বন্ধ কৰাৰ দাবী উত্থাপন কৰি মহিলাসকলে গ্ৰাম্যাঞ্চলত স্থাপন কৰা সুৰাৰ বিপনী বন্ধ কৰিবলৈ বজালী জিলা প্ৰশাসনকো দাবী জনায় ৷ উল্লেখ্য যে, দাঁতিকাষৰীয়া ৰাইজৰ অনুমতি নোহোৱাকৈ স্বত্বাধিকাৰী পুতুল কলিতাৰ সুৰাৰ বিপনীখনে বিভাগীয় অনুমতি পোৱাক লৈ স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক :অৱশেষত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল "ছেবা"