অসম

assam

ETV Bharat / state

Woman death : বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাঃ যৌতুকৰ বাবে হত্য়াৰ সন্দেহ পিতৃ পৰিয়ালৰ - স্বামী ৰফিকুল ইছলাম

বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌৰিগাঁৱৰ এগৰাকী নাবালিকা বোৱাৰীয়ে স্বামীগৃহত ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৷ ৷ বোৱাৰীগৰাকীৰ মৃত্যুক সহজে ল’ব পৰা নাই পিতৃগৃহৰ পৰিয়ালে ৷ দাবী কৰা যৌতুক নিদিয়াৰ বাবে নাবালিকা বোৱাৰীগৰাকীক হত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ।

woman mysterious suicide
যৌতুকৰ বাবে হত্য়াৰ সন্দেহ পিতৃ পৰিয়ালৰ

By

Published : Aug 10, 2023, 6:37 PM IST

যৌতুকৰ বাবে হত্য়াৰ সন্দেহ পিতৃ পৰিয়ালৰ

জনিয়া, 10 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত যৌতুকৰ বাবে বোৱাৰীক অত্যাচাৰ কৰাৰ লগতে হত্যা কৰাৰ ঘটনা সঘনে সংঘটিত হৈ আহিছে ৷ এইবাৰ বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌৰিগাঁৱৰ এগৰাকী নাবালিকা বোৱাৰীয়ে স্বামীগৃহত ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৷ বোৱাৰীগৰাকীৰ মৃত্যুৰ কথা নিজেই পিতৃগৃহত ফোনযোগে জনায় স্বামীয়ে ৷

এই ঘটনাৰ পিচতে এই পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বোৱাৰীগৰাকীৰ মৃত্যুক সহজে ল’ব পৰা নাই পিতৃগৃহৰ পৰিয়ালে ৷ দাবী কৰা যৌতুক নিদিয়াৰ বাবে নাবালিকা বোৱাৰীগৰাকীক হত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ। স্বামী ৰফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃয়ে ৷

জানিব পৰামতে, বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পাথলিকুছি গাঁৱৰ ৰফিকুল ইছলামে প্ৰায় ৯ মাহ মান পূৰ্বে পলুৱাই লৈ গৈছিল নাবালিকাগৰাকীক ৷ নাবালিকগৰাকীৰ পিতৃগৃহৰ বিনা অনুমতিত নাবালিকাগৰাকীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুলে ৷

কিন্তু বিয়াৰ পিচৰে পৰাই নাবালিকা বোৱাৰীগৰাকীক যৌতুকৰ দাবী কৰি মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিছিল ৰফিকুলৰ লগতে স্বামীৰ পৰিয়ালে ৷ ইফালে নাবালিকা ছোৱালীজনীক ৰফিকুল ইছলামে পলুৱাই নিয়াৰ খবৰ পাই কন্যাক উদ্ধাৰৰ বাবে থানাত গোচৰ দিছিল পিতৃয়ে ৷ তেতিয়া ৰফিকুলে পিতৃগৰাকীৰ লগতে পত্নীকো প্ৰাণে মৰাৰ ভাবুকি দিছিল ৷

হঠাৎ যোৱা ৮ আগষ্ট তাৰিখ তথা মঙলবাৰে ৰফিকুল ইছলামৰ‌ ঘৰৰ পৰা বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি পিতৃগৃহলৈ খবৰ দিয়ে ৷ তাৰ পিচতে বোৱাৰীগৰাকীৰ এই মৃত্যু কোনো কাৰণতে আত্মহত্যা হ’ব নোৱাৰে বুলি জনায় পিতৃয়ে ৷ যৌতুক নিদিয়াৰ বাবেই বোৱাৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷

সেয়ে ঘটনাৰ উচিত তদন্ত সাপেক্ষে দোষীক উপযুক্ত শাস্তিৰ দাবী জনায় মৃত নাবালিকা বোৱাৰীগৰাকীৰ পিতৃ আৰু স্থানীয় ৰাইজে। উক্ত ঘটনাৰ প্ৰকৃত সত্য কি সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব।

লগতে পঢ়ক:Guwahati Student murder case: হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষাৰ

ABOUT THE AUTHOR

...view details