জনীয়া,4 জানুৱাৰীঃদেওবাৰে পুৱাৰে পৰা সন্ধানহীন বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ৰসুলপুৰ (পাগলাবাজাৰ) গাঁৱৰ ফাতেমা খাতুন নামৰ এগৰাকী মহিলা ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, পুৱা পাগলা বজাৰৰ পৰা এখন অজ্ঞাত টেম্প'ত উঠি গৈছিল মহিলাগৰাকী ৷ মহিলাগৰাকীৰ স্বামী ইমৰান হুছেইনে নিজ পত্নী ফাতেমা খাতুনক বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰে ৷
জনীয়াত সন্ধানহীন বিবাহিতা মহিলা - জনীয়া সমষ্টি
দেওবাৰে পুৱাৰে পৰা সন্ধানহীন বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ৰসুলপুৰ (পাগলাবাজাৰ) গাঁৱৰ ফাতেমা খাতুন নামৰ এগৰাকী মহিলা ৷ মহিলাগৰাকীৰ স্বামী ইমৰান হুছেইনে নিজ পত্নী ফাতেমা খাতুনক বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰে ৷ তদুপৰি বালিকুৰি আৰক্ষী চকীত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়েও ৷
জনীয়াত সন্ধানহীন বিবাহিতা মহিলা
তদুপৰি বালিকুৰি আৰক্ষী চকীত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়েও ৷ আনহাতে, কোনো সদাশয় লোকে ইমৰান হুছেইনৰ পত্নী ফাতেমা খাতুনৰ সন্ধান লাভ কৰিলে ওচৰৰ আৰক্ষী থানা নতুবা 8638294032 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷
লগতে পঢ়কঃ2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান