জনীয়া, 9 ছেপ্টেম্বৰ: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক অঘটন (Women missing case in Assam) ৷ ৰুগীয়া স্বামীক চিকিৎসা কৰিবলৈ অহা পত্নী নিখোজ হ’ল চিকিৎসালৰ কোঠাৰ পৰা (Wife missing from hospital)৷
ঘটনা অনুসৰি যোৱা 2 ছেপ্টেম্বৰত ধুবুৰীৰ বিলাসীপাৰা ৰফিকুল ইছলামে নিজ পত্নী মফিদা বেগমৰ লগত ভৰি ভগাৰ বাবে চিকিৎসা কৰিবলৈ আহিছিল (women missing case in Barpeta)৷ চিকিৎসা কৰি থকাৰ সময়তে 6 ছেপ্টেম্বৰ তাৰিখে স্বামী গা ধুবলৈ যোৱাৰ পিছতে তেওঁ আহি পত্নীক কোঠাটোত দেখা নাপায় ৷ লগে লগে স্বামীয়ে পত্নীক বিচাৰি হাহাকাৰ কৰে ৷ চিকিৎসালয়খনৰ ইফালে সিফালে স্বামীয়ে পত্নী মফিদাক বিচাৰ খোচাৰ কৰাৰ পিছতো বিচাৰি নাপায় ঘৰৰ লোকক অৱগত কৰে (wife missing from Barpeta civil hospital at Jania )৷
ইফালে মফিদাৰ মাতৃকো ফোনযোগে কন্যা নিখোজ হৈ থকাৰ কথা অৱগত কৰি স্বামী ৰফিকুলে মফিদা মাতৃৰ গৃহলৈ গ‘লেও জনাবলৈ অনুৰোধ কৰে ৷ স্বামীয়ে জনোৱা অনুসৰি মফিদাই স্বামীৰ মানি বেগৰ পৰা প্ৰায় 700 টকা লৈ যায় ৷ এতিয়া পত্নীক বিচাৰি হাহাকাৰ কৰিছে স্বামী ৰফিকুলে ৷ ৰফিকুল আৰু মফিদাৰ এটি 7 বছৰীয়া সন্তানো আছে ৷ মফিদাৰ বয়স 24 বছৰ ৷