জনীয়া, 9 জুলাই :ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ গাঁৱত সংগঠিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা । উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ হালধীয়া গাঁৱৰ এগৰাকী কন্যা এঘাৰ বছৰ পূৰ্বে শওপুৰ গাঁৱৰ তাৰিফ আলীৰ সৈতে সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ পিছৰ পৰাই স্বামীৰ লগতে স্বামীৰ পৰিয়ালে যৌতুকৰ দাবীত তাৰিফ আলীৰ পত্নীক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ চলায় আহিছে বুলি অভিযোগ উত্থাপন হৈছে । স্বামী তথা পৰিয়ালটোৱে দাবী কৰা মতে যৌতুক দিব নোৱাৰাৰ বাবেই শাৰীৰিক আৰু মানসিকভাৱে বোৱাৰীগৰাকীক অত্যাচাৰ চলাই আহিছে ।
স্বামীৰ পৰিয়ালৰ অত্যাচাৰ অত্যাচাৰ সহিব নোৱাৰি কিছুদিন পূৰ্বে পিতৃৰ ঘৰলৈ গুছি গৈছিল বোৱাৰীগৰাকী ৷ শনিবাৰে পুনৰ স্বামীৰ ঘৰত উপস্থিত হোৱাৰ পিচতে পুনৰ আৰম্ভ হয় নিৰ্যাতন ৷ স্বামীৰ লগতে পৰিয়ালৰ লোকে শনিবাৰৰ নিশা প্ৰায় 10 বজাত নিৰ্মমভাৱে মাৰপিট কৰাৰ পিচত দুটি শিশুসহ ৰাস্তাৰ কাষত এৰি থৈ যায় বোৱাৰীগৰাকীক ৷