কলগাছিয়া, 19 মাৰ্চ: বৰপেটাত সংঘটিত হৈছে বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা (Woman found dead in Kalgachia) ৷ স্বামীগৃহৰ বিৰুদ্ধে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃগৃহৰ লোকে (Family suspects murder by husband and his family) ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি চাঞ্চল্যই বিৰাজ কৰিছে বৰপেটাৰ ধৰ্মপুৰ গাঁৱত ৷
বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱত স্বামী আৰু শাহুৱে মিলি এগৰাকী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আবাদী গাঁৱৰ ছো়বাহান আলীৰ কন্যা নিলিমা খাতুন (১৯) ৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ ছবুৰ উদ্দিনৰ পুত্ৰ জয়নাল আব্দিন (২৫)ৰ লগত ৯ মাহ পূৰ্বে সামাজিক নিয়ম অনুসৰি বিবাহ সম্পন্ন হৈছিল । কিন্তু বিয়াৰ পিছৰে পৰাই স্বামী গৃহৰ লোকে বেৱাৰী নিলিমা খাতুনৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এনে সময়তে স্বামীগৃহৰ চিলিং ফেনত চিপ লৈ থকা অৱস্থাত নিলিমা খাতুনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷