অসম

assam

ETV Bharat / state

শহুৰৰ পৰা দাবী কৰা মাটি নাপাই পত্নীক ডিঙি চেপি হত্যা - ইটিভি ভাৰত

আৰক্ষীচকীত নিশাই আত্মসমৰ্পন হত্যাকাৰী স্বামী ছাহনুৰ ভূঞাৰ ৷ মৃত্যুৰ সময়ত চাৰি মাহৰ গৰ্ভৱতী আছিল হেলমিনা ৷ আনহাতে কোচত আছিল এটি আঢ়ৈ বছৰীয়া সন্তান ৷

শহুৰৰ পৰা দাবী কৰা মাটি নাপাই পত্নীক ডিঙি চেপি হত্যা

By

Published : May 1, 2019, 11:19 AM IST

বৰপেটা, 1 মে': বৰপেটাৰ ভৈৰাগুৰিত স্বামীয়ে হত্যা কৰিলে গৰ্ভৱতী পত্নীক ৷ পত্নীক ডিঙি চেপি হত্যা কৰি বৰপেটা সদৰ আৰক্ষীচকীত আত্মসমৰ্পন হত্যাকাৰী ছাহনুৰ ভূঞাৰ ৷ স্বামীৰ হাতত নিহত মহিলাগৰাকীৰ নাম হেলমিনা আহমেদ ৷

শহুৰৰ পৰা দাবী কৰা মাটি নাপাই পত্নীক ডিঙি চেপি হত্যা

ভৈৰাগুৰি গাৱৰ আতোৱাৰ ৰহমানৰ কন্যা হেলমিনাৰ এই অমানৱীয় হত্যাৰ ঘটনাক লৈ অঞ্চলজুৰি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : ট্ৰাইবেল বেল্টত থকা অ-জনজাতীয়ৰ সুৰক্ষাৰ হকে যুঁজিব নৱ শৰণীয়াই

হত্যাকাৰী ছাহনুৰৰ ভৈৰাগুৰি বজাৰত থকা নিজৰ মনোহাৰী দোকানৰ বাবে বজাৰখনতে থকা হেলমিনাৰ পিতৃৰ মাটি দাবী কৰি আহিছিল ৷ ইয়াৰ উপৰিও প্ৰায়ে টকা পইচাও দাবী কৰি অহা ছাহনুৰে যোৱা নিশাও শহুৰৰ পৰা আনিছিল 25 হাজাৰ টকা ৷ ইয়াকেলৈ পতি-পত্নীৰ মাজত মনোমালিন্যৰ সৃষ্টি হৈছিল ৷ তাৰপিচতে নিশা প্ৰায় 11 বজাত পত্নীক ডিঙি চেপি হত্যা কৰি নিজে বৰপেটা সদৰ থানাত আত্মসমৰ্পন কৰে ৷ মৃত্যুৰ সময়ত চাৰি মাহৰ গৰ্ভৱতী আছিল হেলমিনা ৷ আনহাতে কোচত আছিল এটি আঢ়ৈ বছৰীয়া সন্তান ৷ ইপিনে আন এক অভিযোগ মতে, প্ৰেমসূত্ৰে বিৱাহপাশত আৱদ্ধ হোৱা হেলমিনাক আদৰি লোৱা নাছিল শাহুৱেক আৰু বৰজনাকে ৷ শহুৰৰ পৰা ছাহনুৰে মাটি নোপোৱাৰ বাবেই আনকি যোৱা দুবছৰ ধৰি পত্নীক যাবলৈ দিয়া নাছিল ঘৰলৈ ৷ প্ৰেমত পৰি এখন সুখৰ সংসাৰ পতাৰ সকলো আশা ঠানবান কৰি একমাত্ৰ সম্পত্তিৰ বাবেই এনেদৰে এগৰাকী বোৱাৰী স্বামীৰ হাতত নিহত হবলগীয়া ঘটনাক সহজভাৱে লব পৰা নাই কাঁহিকুছি-ভৈৰাগুৰি অঞ্চলৰ ৰাইজে ৷ ৰাইজে শীঘ্ৰে দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details