বৰপেটা, 16 মে’: বাক্সাৰ শিমলাগুৰীত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় গোৱৰ্দ্ধনা আৰক্ষীয়ে ৷ বৰপেটা ৰোডৰ নিকটৱৰ্তী শিমলাগুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত AS-01HC-4437নম্বৰৰ ট্ৰাকখন পৰা গোৱৰ্দ্ধনা আৰক্ষীৰ নিয়মীয়া তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰাখিনি ৷
পাচলিৰ ট্ৰাকত সৰবৰাহ কৰা হয় সুৰা
পাচলিৰ ট্ৰাকত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা ৷ বৰপেটা ৰোডৰ পৰা মিজোৰামলৈ লৈ যোৱাৰ সময়তে গোৱৰ্দ্ধনা আৰক্ষীৰ সফলতা ৷ জব্দ সুৰা ভৰ্তি ট্ৰাক ৷
পাচলিৰ ট্ৰাকত এইবাৰ সুৰা
উল্লেখ্য যে, ট্ৰাকখনত থকা ভিন্ন পাচলিৰ মাজত লুকুৱাই নিছিল বৃহৎ সংখ্যক সুৰাখিনি। জানিব পৰা মতে, সুৰাখিনি বৰপেটা ৰোডৰ পৰা মিজোৰামলৈ নিয়াৰ পৰিকল্পনা আছিল। পাচত গোৱৰ্দ্ধনা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বৰপেটা ৰোডৰ পৰা দীৰ্ঘদিন ধৰি বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে অবৈধ সুৰাৰ লগতে বিভিন্ন সা-সামগ্ৰী।