বৰপেটা, 11 ছেপ্টেম্বৰ :একমাত্ৰ পুত্ৰক হেৰুৱাই বৃদ্ধা মাতৃৰ কান্দোনত সৰিছে গছৰ পাত ৷ চাৰিজনী বাই ভনীয়ে টুকিছে মাথো চকুপানী ৷ পিছে নাম উল্লেখ কৰি পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দিয়াৰ চাৰিদিন পিচতো হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তিলমানো আগবঢ়া নাই আৰক্ষীৰ তদন্ত ৷ বিভিন্ন অজুহাতেৰে তদন্ত লেহেমীয়া কৰি অপৰাধীক সাৰি যোৱাৰ বাবে যেন সুযোগ দিব বিচাৰিছে আৰক্ষীয়ে ৷
ঘৰৰ একমাত্ৰ ল’ৰাজনক হেৰুৱাই নিঠৰুৱা হৈ পৰা পৰিয়ালটোৱে সেয়ে বিচাৰিছে আৰক্ষীৰ সহায় ৷ পিছে তদন্ত প্ৰক্ৰিয়া যেন কৰবাত স্থবিৰ হৈ পৰিছে ৷ ফলত পৰিয়ালটোৰ লগতে বৰপেটা ছাত্ৰ সন্থা আৰু বৰ্ষীয়ান সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰয়ো টিংকুমনি দাসৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ দাবী জনোৱাৰ লগতে আৰক্ষীৰ ভূমিকাক কৰিছে সমালোচনা ৷