জনীয়াা,২০ নৱেম্বৰ:বৰপেটা জিলাৰ বৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত হাতচাৰা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । দেহৰ বৰণ ক'লা হোৱাৰ বাবেই পত্নীক প্ৰহাৰ কৰাৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে(Wife beaten up for dark body colour) । এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।
জানিব পৰা মতে, ৫ বছৰ পূৰ্বে ধুবুৰী জিলাৰ পোৰাভিটা গাঁৱৰ ৰবিউল হকৰ কন্যা নাছিৰা খাতুনৰ বৰপেটা জিলাৰ হাতচাৰা গাঁৱৰ ৰহিজ আলীৰ পুত্ৰ ৰহমত আলীৰ সৈতে সামাজিক ৰীতি-নীতি মতে বিবাহপাশত আৱদ্ধ হৈছিল । ৰহমত আলীৰ পছন্দ অনুসৰি বিয়া হোৱাৰ পিছতো দেহৰ বৰণ ক’লা হোৱাৰ বাবেই বিবাহৰ পিছৰে পৰা পত্নী নাছিৰা খাতুনক স্বামী গৃহৰ পৰা স্বামীৰ লগতে স্বামী গৃহৰ লোকে নাছিৰা খাতুনক মাৰপিট কৰি আহিছিল ।
কিন্তু নাছিৰা খাতুনে স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ গুচি নোযোৱাত পূৰ্বৰে পৰা চলাই অহা শাৰিৰীক অত্যাচাৰ পুনৰ বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰে পিতৃ ৰবিউল হকে(Physical abuse of wife) । ইফালে, যোৱা ১৫ নৱেম্বৰতো একেই কাৰণতে নাছিৰা খাতুনক পিতৃ গৃহলৈ খেদি পঠোৱাৰ চেষ্টা কৰিছিল । কিন্তু পিতৃ গৃহলৈ গুচি নোযোৱাত স্বামী ৰহমত আলী ওৰফে মুন্না, শহুৰ ৰহিজ আলী আৰু শাহু খাদিজা খাতুনে ঘৰৰ দৰ্জা বন্ধ কৰি মাৰপিট কৰাৰ লগতে স্বামী ৰহমত আলীয়ে পেটত কটাৰীৰে আঘাত কৰাৰ অভিযোগ উত্থাপন কৰে নাছিৰাৰ পিতৃ ৰবিউল হকে ।