অসম

assam

ETV Bharat / state

বজালীত নলা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম

নলাসমূহ নিৰ্মাণৰ নামত কোম্পানীটোৱে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ৰাইজৰ মতে নলা নিৰ্মাণৰ বাবে যিধৰণৰ লোৰ ৰ'ড ব্যৱহাৰ কৰিব লাগিছে সেয়া ব্যৱহাৰ কৰা হোৱা নাই । অতি নিম্ন মানদণ্ডৰ ৰ'ড ব্যৱহাৰ কৰিয়ে কোম্পানীটোৱে নলা নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে ৰাইজে ।

Bajali
বজালীত নলা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম

By

Published : Aug 6, 2021, 2:25 PM IST

বজালী,৬ আগষ্ট:নলা নিৰ্মাণকলৈ (construction of drains) বজালী জিলাত তীব্ৰ ক্ষোভ স্থানীয় ৰাইজ লগতে ব্যৱসায়ীৰ । নলা নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগো তুলিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে । বজালীৰ ভৱানীপুৰত দীৰ্ঘদিন ধৰি কে এম চি (KMC) নামৰ এটা কোম্পানীৰ অধীনত নিৰ্মাণ হৈ আছে নলা-নৰ্দমা ।

কিন্তু নলাসমূহ নিৰ্মাণৰ নামত কোম্পানীটোৱে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ৰাইজৰ মতে নলা নিৰ্মাণৰ বাবে যিধৰণৰ লোৰ ৰ'ড ব্যৱহাৰ কৰিব লাগিছে সেয়া ব্যৱহাৰ কৰা হোৱা নাই । অতি নিম্ন মানদণ্ডৰ ৰ'ড (Low quality rods) ব্যৱহাৰ কৰিয়ে কোম্পানীটোৱে নলা নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে ৰাইজে ।

বজালীত নলা নিৰ্মাণৰ নামত ব্যাপক অনিয়ম

কেৱল এয়াই নহয় অতি লেহেমীয়া গতিত কাম কৰাৰো অভিযোগ ৰাইজৰ । যাৰ বাবে প্ৰায়ে অঞ্চলটোত দুৰ্ঘটনাত পতিত হয় বহু লোক । কেৱল এয়াই নহয় কোম্পনীটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে । এই কোম্পানীটোৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31) নিৰ্মাণৰ নিবিদা লাভ কৰিছিল কিন্তু অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে নিৰ্মাণৰ পাছতে জহি খহি গৈছে ৰাষ্ট্ৰীয় পথ সমূহ ।

লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ ৰোডতো দেখা গৈছে একে বিসংগতি । চাৰ্ভিছ ৰোডৰ দুয়ো কাষে নিৰ্মাণ কৰা নলাবোৰৰ ক্ষেত্ৰতো একে অভিযোগ ৰাইজৰ । আনকি নলাৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে দোকান সমূহত গ্ৰাহক যাব নোৱাৰাৰ বাবে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ব্যৱসায়ী সকল ।

সেয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো তদন্ত কৰি কোম্পানীটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ লগতে এই নিৰ্মাণ কাৰ্য অতি সোনকালে শেষ কৰিবলৈ আহ্বান জনায় স্থানীয় লোকসকলে । আনহাতে এনেবোৰ দুৰ্নীতিৰ অভিযোগ থকা কোম্পানী সমূহে কেনেদৰে এটাৰ পিছত আন এটা নতুন কামৰ নিবিদা লাভ কৰে সেইয়াও প্ৰশ্ন কৰিছে লোকসকলে । বিষয়টোত বিভাগীয় মন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছে বজালী অঞ্চলৰ ৰাইজে ।

লগতে পঢ়ক :দলং মেৰামতিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details