অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচনৰ বাবে কোনে কোনে লাভ কৰিব বিজেপিৰ টিকট - ৰনজিৎ কুমাৰ দাস

সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা

সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা

By

Published : Mar 5, 2019, 8:33 PM IST

বৰপেটা, ৫ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ভিৰ কৰিছে নেতা-মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ৷ পিছে বিজেপিৰ প্ৰাৰ্থীত্ব পাবলৈ নালাগে কোনো নেতাৰ চুপাৰিছ ৷ মঙলবাৰে বৰপেটাত এই কথা অৱগত কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে ৷ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা ৷ তিনিটাকৈ গাণনিকৰ দলে সমষ্টিয়ে সমষ্টিয়ে গৈ মানুহৰ মনৰ বুজ লৈ প্ৰস্তুত কৰিব প্ৰাৰ্থীৰ তালিকা ৷

সমষ্টিয়ে সমষ্টিয়ে চলিছে গণনা
প্ৰতিটো সমষ্টিৰ বাবে তিনিটাকৈ নাম তালিকাত অন্তৰ্ভূক্ত কৰি প্ৰাৰ্থীৰ পেনেল ৰাষ্ট্ৰীয় সমিতিত দাখিল কৰিব গাণনিক দলকেইটাই ৷ তাৰ পাচতহে ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্যিক সমিতিক দাখিল কৰিব প্ৰাৰ্থীৰ নাম আৰু ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে আলেচনা কৰিহে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি উলিওৱা হ'ব ।

ABOUT THE AUTHOR

...view details