বৰপেটা, ১৬ ফেব্ৰুৱাৰী :মাজুলীৰ উপ-নিৰ্বাচনলৈ (Majuli bye election 2022) মাজত কেইটা মান দিন বাকী । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে প্ৰতিটো ৰাজনৈতিক দল । ইয়াৰ মাজতে মাজুলীৰ বিজেপি প্ৰাৰ্থী ভূৱন গাম সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ । সাংসদগৰাকীৰ মতে বিতৰ্কিত ভূৱন গামবিধানসভালৈ নিৰ্বাচিত হোৱাটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি ৷
বিজেপি প্ৰাৰ্থী ভূৱন গামৰ বিৰুদ্ধে বহু দূৰ্নীতিৰ অভিযোগ থকা বুলি উল্লেখ কৰি খালেকে কয় যে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী জয়ী হোৱাটো নিশ্চিত । ইফালে কংগ্ৰেছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে আৰু চিত্তৰঞ্জন বসুমতাৰীক জয়ী কৰোৱাৰ বাবে কংগ্ৰেছে সৰ্ব শক্তিৰে জপিয়াই পৰিব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷