অসম

assam

ETV Bharat / state

বৰপেটাত অনিৰ্দিষ্ট কাললৈ সকলো হাট-বজাৰ বন্ধ ঘোষণা - ৰপেটা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ

বৰপেটাত শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ জিলাখনৰ সাপ্তাহিক, দ্বি-সাপ্তাহিক হাট-বজাৰ, গৰু বজাৰ আদি সকলো বন্ধ ঘোষণা জিলা প্ৰশাসনৰ ।

weekley haat bazaar close at barpeta
বৰপেটাত সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ সকলো হাট-বজাৰ বন্ধ ঘোষণা

By

Published : May 9, 2021, 3:24 PM IST

বৰপেটা, ৯ মে': চৌদিশে মহমাৰী কৰ'ণাৰ বিভীষিকাময় পৰিৱেশ । সমগ্ৰ দেশৰ লগতে অসমো কৰ'ণাৰ সংহাৰী ৰূপত ত্ৰস্তমান । হাহাকাৰময় পৰিৱেশ এতিয়া সকলোতে । ৰাজ্যৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ জিলাখনত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

বৰপেটাত সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ সকলো হাট-বজাৰ বন্ধ ঘোষণা

সোমবাৰৰ পৰা জিলাখনৰ সাপ্তাহিক, দ্বি-সাপ্তাহিক হাট-বজাৰ, গৰু বজাৰ আদি সকলো বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনে ৷ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণাৰে নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷ জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত টি পি ভূষালে জাৰি কৰিছে হাট বজাৰ বন্ধৰ নিৰ্দেশনা ৷ ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাক আওকাণ কৰি একাংশ অসচেতন লোকে নিজৰ মতে চলা-ফুৰা কৰি নিজৰ লগতে আন দহোজনৰ বাবে বিপদ মাতি অনাৰ আশংকাত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ যাতে জনসমাগমৰ পৰা ক'ভিডৰ গণ সংক্ৰমণ ৰোধ কৰিব পাৰে তাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ভংগ ক’ভিড প্ৰট’কল: হাফলঙত বহিল সাপ্তাহিক বজাৰ

ABOUT THE AUTHOR

...view details