বৰপেটা, ৮ মে': বৰপেটা মেডিকেল কলেজ হাস্পতালত কালিৰে পৰা বন্ধ হৈ আছে পানীৰ যোগান ৷ যান্ত্ৰিক বিজুতিৰ বাবে মঙলবাৰৰ পৰা বন্ধ হৈ পৰিছে পানী উত্তোলন ব্যৱস্থা ৷ ফলত হাস্পতালখনত বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পানীৰ নাটনিক লৈ বৰপেটা মেডিকেল কলেজ হাস্পটালত হাহাকাৰ অৱস্থা ৰোগী আৰু অভিভাৱকৰ মাজত ৷ ৰোগীৰ অভিভাৱকে বাল্টিত ভৰাই বাহিৰৰ পৰা পানী আনিবলগীয়া হৈছে ৷ ৰোগীৰ ঔষধ অথবা পথ্যটো বাদেই,পানী টুপিক লৈ সৃষ্টি হোৱা সমস্যাই বৰপেটা মেডিকেল কলেজ হাস্পটালৰ ৰোগী আৰু অভিভাৱক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
জল সংকটত ভুগিছে বৰপেটা মেডিকেল কলেজ হাস্পতাল - বৰপেটা মেডিকেল কলেজ হস্পিতাল
বৰপেটা মেডিকেল কলেজ হাস্পতালত বন্ধ হৈ আছে পানীৰ যোগান ৷ এটুপি পানীৰ বাবে ৰোগী-অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতি
অৱশ্যে এয়া অকল আজিৰ সমস্যাই নহয়, বৰপেটা মেডিকেল কলেজ হাস্পতালত পানীৰ সমস্যাক লৈ ৰোগীসকল দীৰ্ঘদিনধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ প্ৰায়ে হাস্পতালখনত নাটনি হয় পানী টুপিৰ ৷ আনকি হাস্পতালখনত সৃষ্ট অভাৱনীয় পানীৰ সংকটক লৈ মুখ খুলিলে স্বয়ং বৰপেটা মেডিকেল কলেজ কতৃপক্ষই ৷ ইপিনে হাস্পতালখনত পানী উত্তোলনৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰিলে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক ডাঃ তিলক পাঠকেও ৷ উপ অধীক্ষকগৰাকীয়ে বিকল্প পানী যোগান ব্যৱস্থা আৰম্ভ নকৰিলে হাস্পতালখনৰ পানীৰ সংকট দূৰ নহ'ব বুলি মন্তব্য কৰে ৷ হাস্পতালখনত দৈনিক যিমান পানীৰ প্ৰয়োজন হয়, উক্ত পৰিমাণৰ পানী উত্তোলনৰ কোনো ব্যৱস্থাই নাই ৷ আনহাতে, দিনত যিখিনি পানী উত্তোলন হয় সেয়াও নিমিষতে শেষ হৈ যোৱাৰ ফলত পানীৰ অভাৱ দূৰ নহয়গৈ ৷ পানীৰ সমস্যা সমাধানৰ বাবে হাস্পতালখনৰ মাথো ১০০ মিটাৰ আতৰেৰে বৈ যোৱা চাউলখোৱা নৈৰ পৰা পানী উত্তোলনৰ ব্যৱস্থা কৰিবলৈ হাস্পতাল কতৃপক্ষই ইতিমধ্যে বিভাগীয়ভাৱে দাবী জনাই আহিছে ৷ অন্যথা হাস্পটালখনৰ পানীৰ সমস্যা কোনোকালেই সমাধান নহ'ব ৷
ইপিনে কালিৰে পৰা পানী যোগান বন্ধ হৈ থকাৰ ফলত কেবাটাও ৱাৰ্ডত হাস্পতাল কতৃপক্ষই পানী ক্ৰয় কৰি চলাই থাকিবলগীয়া হৈছে চিকিৎসা সেৱা ৷ বৰপেটা মেডিকেল কলেজ হাস্পটালত পানীৰ নাটনিক লৈ চলি থকা সংকট সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব সমস্যাটোৰ সমাধান ৷