অসম

assam

ETV Bharat / state

বজালীত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত - পাটছাৰকুছি

বজালীত ভগা মথাউৰি পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই l অসমৰ সৰ্বমুঠ 37 টা ভগা মথাউৰি নিৰ্মাণৰ দৃহ সংকল্প l অসমৰ বিভিন্ন স্থানৰ প্ৰায় চাৰে চাৰি হাজাৰ মাথাউৰি বোৰৰ দুৰ্বলতা ৰ তথ্য আহৰণত ব্যস্ত জলসম্পদ বিভাগ

বজালীত ভগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Aug 4, 2019, 9:00 PM IST

পাটছাৰকুছি, 4 আগষ্ট : পহুমৰা নদীয়ে বিধ্বস্ত কৰা বজালীৰ মহাৰাণী গাঁৱত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ বিভাগীয় বিষয়াৰ লগতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা আৰু স্থানীয় বিজেপি নেতা মুকুট কলিতাৰ সৈতে বানবিধ্বস্ত গাঁৱখনত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ ভূটানৰ পানীয়ে বিধ্বস্ত কৰা মহাৰাণী গাঁৱত উপস্থিত হৈ ক্ষতিগ্ৰস্থ পৰিয়ালৰ বুজ লোৱাৰ লগতে ভাঙি যোৱা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

বজালীত ভগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

বিগত বানত মহাৰানী গাঁৱৰ 5 টা পৰিয়ালৰ ঘৰ বিধ্বস্ত হৈছিল ৷ ইয়াৰ লগতে বাঢ়নী পানীয়ে খহাই নিছিল গাঁৱখনৰ যোগাযোগৰ একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰি অহা মথাউৰিটো ৷ যাৰ ফলত গাঁৱবাসীয়ে বিগত দিনবোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ মন্ত্ৰীগৰাকীয়ে আজি গাঁৱবাসীৰ আগত শীঘ্ৰেই মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে ক্ষতিগ্ৰস্থ পৰিয়ালকেইটাক ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিব বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details