অসম

assam

ETV Bharat / state

Water Purification Plant: বৰপেটাৰ ২০নং ৱাৰ্ডত বিশুদ্ধ পানী যোগান আঁচনি উদ্বোধন জিলা আয়ুক্তৰ - Water Purification Plant Inaugurated

শনিবাৰে বৰপেটা পৌৰ সভাৰ অন্তৰ্গত ২০নং ৱাৰ্ডত বিশুদ্ধ পানী যোগান আঁচনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গে ৷ বৰপেটাৰ ৫টা ৱাৰ্ডত ক্ষুদ্ৰ পানী যোগান আঁচনি প্ৰস্তুত কৰি ৰাইজৰ বাবে খোৱা পানীৰ কিছু অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে বৰপেটা পৌৰ সভাই ৷

Water Purification Plant Inaugurated in Barpeta
বিশুদ্ধ পানী যোগান আঁচনি উদ্বোধন

By

Published : Aug 5, 2023, 3:37 PM IST

Updated : Aug 5, 2023, 5:29 PM IST

বিশুদ্ধ পানী যোগান আঁচনি উদ্বোধন জিলা আয়ুক্তৰ

বৰপেটা, 5 আগষ্ট : বৰপেটা পৌৰ সভাৰ এক নতুন পদক্ষেপ ৷ বিগত ৪ বছৰে বৰপেটা পৌৰ সভাৰ অন্তৰ্গত ২২টা ৱাৰ্ডৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি অহাৰ পিছত বৰপেটা পৌৰ সভাই ৰাইজক খোৱা পানীৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে ৷ বৰপেটাৰ ৫টা ৱাৰ্ডত ক্ষুদ্ৰ পানী যোগান আঁচনি প্ৰস্তুত কৰি ৰাইজৰ বাবে খোৱা পানীৰ কিছু অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে বৰপেটা পৌৰ সভাই ৷

প্ৰতিটো প্ৰকল্পৰ নামত ১৮,৫৭,৩০০টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ক্ষুদ্ৰ বিশুদ্ধ খোৱা পানীৰ আঁচনি ৷ পোন প্ৰথমে ১,৪,১২,১৬, আৰু ২০ নম্বৰ এই ৫ টা ৱাৰ্ডত এই আচঁনিৰ কাম আৰম্ভ কৰিছে যদিও পৰবৰ্তী সময়ত বৰপেটা পৌৰ সভাৰ আটাইকেইটা ৱাৰ্ডতে এই আচঁনি দিয়াৰ বাবেও পৰিকল্পনা প্ৰস্তুত কৰিব বুলি পৌৰ সভা আশাবাদী ৷ শনিবাৰে বৰপেটা পৌৰ সভাৰ অন্তৰ্গত ২০নং ৱাৰ্ডত এই ক্ষুদ্ৰ বিশুদ্ধ পানী যোগান আঁচনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গে ৷

আয়ুক্তগৰাকীয়ে এনেধৰণৰ ক্ষুদ্ৰ বিশুদ্ধ খোৱা পানীৰ আঁচনিয়ে ৰাইজৰ মাজত যথেষ্ট সকাহ দিয়াৰ লগতে অতি শীঘ্ৰেই বৰপেটা চহৰত এটা বৃহৎ পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰা হ'ব বুলি ৰাইজৰ আগত জানিবলৈ দিয়ে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলিও তেওঁ জনায় ৷ ইতিমধ্যে পানী যোগান আঁচনিৰ বুজ ল'বলৈ গুৱাহাটীৰ পৰা এটা দ'ল বৰপেটাত আহি উপস্থিত হৈছে ৷

উল্লেখ্য যে চৰকাৰৰ চৰম হেমাহিৰ বাবে বিগত চাৰিটা বছৰে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বৰপেটা চহৰবাসী ৷ চৰকাৰৰ অনুমোদন সাপেক্ষে বৰপেটা চহৰত থকা পূৰ্বৰ দুটাকৈ পানী যোগান আঁচনি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ভাঙি পেলোৱা হৈছিল ৷ কিন্তু নতুন আঁচনিৰ কাম ৪০শতাংশ আৰম্ভ কৰাৰ পিছত বাকীখিনি কাম বন্ধ কৰা হয় বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ৷ সৰ্বজনবিদিত যে কেৱল খোৱা পানীৰ বাবে অসমৰ ভিতৰতে সৰ্বাধিক কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা বৰপেটা চহৰবাসীয়ে ৪ বছৰে বিশুদ্ধ খোৱা পানীৰ মুখ দেখা পোৱা নাই ৷ এতিয়া পানী ক্ৰয় কৰি দিন নিয়াব লগা হৈছে চহৰ বাসীয়ে ৷

পৌৰ সভাৰ এনে ধৰণৰ ক্ষুদ্ৰ বিশুদ্ধ খোৱা পানীৰ আঁচনিয়ে ৰাইজৰ মাজত কিছু অভাৱ পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে ৷ পানী যোগান আঁচনি উদ্বোধনী অনুষ্ঠানত বৰপেটা পৌৰসভাৰ পৌৰপতি ছৱিলাল দাস, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, আৰু বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস উপস্থিত থাকে ৷

লগতে পঢ়ক :Guwahati Protest:ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনিত কৰ্মৰত কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা

Last Updated : Aug 5, 2023, 5:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details