বৰপেটা, ১ নৱেম্বৰ : সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰকাশ কৰা হৈছে খচৰা ভোটাৰ তালিকা ৷ বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো সোমাবাৰৰ দিনটোত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ উপস্থিতিত বৰপেটা জিলাৰ ছটাকৈ বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷
সোমাবাৰে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত মুঠ 11,60,280 গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে ৷ ইয়াৰে 5,60,378 গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা 5,96,902 গৰাকী ৷ জিলা উপায়ুক্তই জনোৱা মতে, অহা ৩০ নৱেম্বৰলৈকে ৰাজ্যবাসীয়ে ভোটাৰ তালিকাত নতুনকৈ নিজৰ নাম অন্তৰ্ভুক্তি আৰু ভোটাৰ তালিকাত থকা ভোটাৰৰ নাম বা আন যিকোনো তথ্য শুদ্ধ বা আঁসোৱাহ দূৰ কৰাৰ লগতে ভোট সলনি কৰিব পাৰিব ৷