অসম

assam

ETV Bharat / state

Draft Voter List released in Barpeta: বৰপেটা জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ - Election Officer Mayurakshi Dutta

যোৱা বৰ্ষৰ তুলনাত ৩,৯৩৫ গৰাকী ভোটাৰ হ্ৰাসেৰে চলিত বৰ্ষৰ বৰপেটা জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ(Draft Voter List released in Barpeta) । বৰপেটা জিলা পুথিভড়ালত আয়োজিত এক অনুষ্ঠানত প্ৰকাশ কৰা হয় তালিকাখনি । অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত নবজ্যোতি ওজা ।

Draft Voter List released in Barpeta
বৰপেটা জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

By

Published : Nov 9, 2022, 9:58 PM IST

বৰপেটা,৯ নৱেম্বৰ:যোৱা বৰ্ষৰ তুলনাত ৩,৯৩৫ গৰাকী ভোটাৰ হ্ৰাসেৰে মঙলবাৰে চলিত বৰ্ষৰ বৰপেটা জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়(Draft Voter List released in Barpeta) । বৰপেটা জিলা পুথিভড়ালত আয়োজিত এক অনুষ্ঠানত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে জিলা উন্নয়ন আয়ুক্ত নৱজ্যোতি ওজাই ।

উল্লেখ্য যে বৰপেটা জিলাত মুঠ ছটা বিধানসভা সমষ্টি আছে(Barpeta district has six assembly constituency) । আটাইকেইটা সমষ্টি সামৰি প্ৰকাশিত খচৰা অনুসৰি ভোটাৰৰ সংখ্যা হ'ল ১১, ৮১, ৩৩৯ গৰাকী । তাৰে পুৰুষ ভোটাৰৰ সংখ্যা ৬,০৬,১১০ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৫,৭৫,২২৯ গৰাকী । একাধিক বাৰ নাম অন্তৰ্ভুক্ত হৈ থকা, মৃত্যু আৰু অন্য জিলালৈ হোৱা স্নানান্তৰৰ বাবে যোৱা বাৰৰ তুলনাত এইবাৰ জিলাখনত ভোটাৰৰ সংখ্যা হ্ৰাস হোৱা বুলি সদৰি কৰে বৰপেটা জিলাৰ নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্তই(Election Officer Mayurakshi Dutta) ।

বৰপেটা জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ অংশ হিচাপে মঙলবাৰে জিলা পুথিভড়ালত ভোটাৰ পঞ্জীয়ন বিষয়া আৰু সহকাৰী ভোটাৰ পঞ্জীয়ক বিষয়াসকলৰ এক প্ৰশিক্ষণো জিলা নিৰ্বাচন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় । এই খচৰা তালিকাত কিবা আঁসোৱাহ থাকিলে ৰাইজক শীঘ্ৰে নিৰ্বাচনী বিষয়াক অৱগত কৰি সহায়-সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাই নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্তই ।

লগতে পঢ়ক:Mass fishing in Jamlai: জামলাই বিলত লগে ভাগে মাছ ধৰিছে একাংশ জনজাতীয় মহিলাই

ABOUT THE AUTHOR

...view details