পাঠশালা, 31 আগষ্ট : নাই মাস্ক, নাই সামাজিক দূৰত্ব ৷ ভলীবল প্ৰতিযোগিতাত(Volley Ball Competition) বিৰাজ কৰিছে এক উছৱমুখৰ পৰিৱেশে ৷ এয়া বজালী জিলাৰ বৰভিঠাৰ ঘটনা ৷ বিগত দুবছৰ ধৰি খেল উপভোগৰ পৰা বঞ্চিত হৈ থকা গাঁৱৰ ৰাইজে খেল উপভোগ কৰিবলৈ লগাইছে হেতা-ওপৰা ৷
খেল চাবলৈ হেতা-ওপৰা শতাধিক ৰাইজৰ বন্ধ সদৃশ পৰিৱেশৰ মাজতে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বৰভিঠা গাঁৱৰ উদীয়মান যুৱকসকলে অনুষ্ঠিত কৰিছে ভলীবল খেল প্ৰতিযোগিতা । খেল উপভোগ কৰিৱলৈ উবুৰি খাই পৰিছে অঞ্চলটোৰ শতাধিক ৰাইজ ৷ কৰ’ণাৰ(Corona) বিভীষিকাকো কেৰেপ নকৰি খেল চোৱাত ব্যস্ত হৈ পৰিছে গাঁওবাসী ৷
লগতে পঢ়ক:শাৰীৰিক বাধাকো নেওচি এমুঠি অন্নৰ বাবে কঠোৰ সংগ্ৰাম দয়াৰামৰ
কৰ’ণা মহামাৰীৰ বাবে বিগত দুবছৰ ধৰি স্থগিত ৰখা হৈছে গ্ৰামাঞ্চলৰ বিভিন্ন খেলৰ প্ৰতিযোগিতাসমূহ । কিন্তু দীৰ্ঘদিন ধৰি খেলৰ আনন্দৰ পৰা বঞ্চিত হৈ থকা এখন গাঁৱৰ ৰাইজে ক্ষন্তেক সময়ৰ বাবে লৈছে খেলৰ আনন্দ । কৰ’ণাৰ বিভীষিকাকো কেৰেপ নকৰি খেল চোৱাৰ বাবে হেতা-ওপৰা লগাইছে গাঁৱৰ ৰাইজে ৷ এই দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব ৷
আনকি ভলীবল প্ৰতিযোগিতাখনি খোদ উদ্বোধন কৰে বিধায়ক ফণীধৰ তালুকদাৰে । প্ৰতিবছৰে অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনি এইবাৰ কৰ’ণাৰ বাবে কিছু পলমকৈ আৰু কম সংখ্যক দলৰ উপস্থিত অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে । ইফালে মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ মাজতো এইদৰে জাকে জাকে খেল চাবলৈ গাঁৱৰ ৰাইজ ওলাই অহা দৃশ্য এতিয়া এক চিন্তনীয় বিষয় হৈ পৰিছে ৷
লগতে পঢ়ক:বিদ্যুৎ কেন্দ্ৰ মুকলি কৰি দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাৰ আশ্বাস শক্তি মন্ত্ৰীৰ