জনীয়া,২৮ মে' :বাৰিষা অহা লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন নদী-উপনদীসমূহে কালৰূপ ধাৰণ কৰিছে (Flood in Assam)। বৰপেটাৰ বেকী নদীয়েও পূৰ্বৰ দৰেই একেই ৰূপ লৈছে । ইতিমধ্যে নদীখনে বহু স্থানত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে (Erosion in Barpeta)। বিগত বছৰৰ দৰে হাজাৰ হাজাৰ লোকৰ মাটি-ভেটি নদীত জাহ যোৱাৰ উপক্ৰম হৈছে ।
বিশেষকৈ বৰপেটাৰ অন্তৰ্গত কলগাছিয়াৰ কাওৰজাহিত নৈখনে ভয়ংকৰ ৰূপ লৈছে । ঠায়ে ঠায়ে আৰম্ভ হৈছে গৰাখহনীয়া । কিন্তু এতিয়ালৈ বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে সমস্যাত পৰিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে ।
জলসম্পদ বিভাগ বা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোৰ ৰাইজ ওলাই আহিছে (Villagers come out to prevent erosion in Barpeta)। কেইবাখনো গাঁৱৰ ৰাইজে মিলি গৰখনীয়া প্ৰতিৰোধ সমিতি গঠন কৰিছে । লগতে ঘৰে ঘৰে বাঁহ আৰু টকা পইচা সংগ্ৰহ কৰি বিনামূলীয়া শ্ৰম দানেৰে লোকসকলে গৰখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে । ইয়াৰোপৰি দুৰ্যোগৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ নেদেখা জনৰ ওচৰত সমূহীয়াভাৱে প্ৰাৰ্থনাও কৰিছে ৰাইজে ।