জনীয়া, 18 ডিচেম্বৰ :দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma) ই গ্ৰহণ কৰা স্থিতি বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দিনতে সঘনে উত্থাপিত হৈছে দুৰ্নীতি আৰু অনিয়মৰ প্ৰসংগ ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ আনিছে বৰপেটাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩ নং তিতাপানী গাঁৱৰ ৰাইজে ৷
অভিযোগ অনুসৰি, ৫৩ নং তিতাপানী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি (Scam in PMGSY scheme at Titapani) ৷ কিয়নো পঞ্চায়তখনৰ অধীনত বাস কৰা প্ৰকৃত হিতাধীকাৰীসকলে লাভ কৰা নাই চৰকাৰে আৱণ্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ জিঅ' টেগৰ বাসগৃহ ৷ ইয়াৰ বিপৰীতে এই অনুদান লাভ কৰিছে অন্য লোকেহে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে তিতাপানী গাঁৱৰ একাংশ ৰাইজ ৷
উল্লেখ্য যে, জিঅ’ টেগৰ ঘৰ আৱণ্টন দিয়াৰ নামত ৫৩ নং তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি আশাদুল ইছলাম, পঞ্চায়তৰ সদস্য ৰফিকুল ইছলাম, মইনুল হক, মিজানুৰ ৰহমানৰ লগতে আন কেইবাগৰাকী সদস্যই সংঘটিত কৰিছে ব্যাপক অনিয়ম ৷ আনকি পঞ্চায়তৰ সভাপতিগৰাকীৰ লগতে সদস্য কেইগৰাকীয়ে একাংশ হিতাধিকাৰীৰ পৰা এক-দুই হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰিছে ৷ তদুপৰি এই ধন সংগ্ৰহৰ পিছত টিনৰ ঘৰৰ বেৰত বাঁহ লগাই বে-আইনীভাৱে সংগ্ৰহ কৰিছে ফটো ৷