অসম

assam

ETV Bharat / state

ক’ভিডৰ বাবে বজালীৰ প্ৰথমখন গাঁও ছীল - বৰমখা গাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি

বজালী জিলাৰ অন্তৰ্গত বৰমখা গাঁৱত ক’ভিড আক্ৰান্তৰ সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি ৷ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ছীল কৰিলে গাঁওখন ৷

ক’ভিডৰ বাবে বজালীৰ অন্তর্গত প্ৰথমখন গাঁও সীল
ক’ভিডৰ বাবে বজালীৰ অন্তর্গত প্ৰথমখন গাঁও সীল

By

Published : May 19, 2021, 1:59 PM IST

পাঠশালা, 19 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালীতো ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ জিলা স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, বজালীত মুঠ ক’ভিড ৰোগীৰ সংখ্যা প্ৰায় 900 ৰ কাষ চাপিছে । আনহাতে, জিলাখনত ক’ভিডত আক্ৰান্ত মৃত্যুৰ সংখ্যাই 10 ৰ ঘৰ অতিক্ৰম কৰিছে ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন যথেষ্ট সজাগ হৈ পৰিছে ৷ জিলাখনত ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি একাংশই ক’ভিড পৰিস্থিতি গণ সংক্ৰমণৰ দিশে গতি কৰাৰ আশংকা কৰিছে ৷

ক’ভিডৰ বাবে বজালীৰ অন্তর্গত প্ৰথমখন গাঁও ছীল

বজালী জিলাৰ অন্তৰ্গত বৰমখাত ক’ভিড ৰোগীৰ সংখ্যা অস্বাভাৱিক ভাৱে বৃদ্ধি হোৱাৰ ফলতে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই গাঁঁওখন ছীল কৰে ৷ বৰ্তমানলৈকে গাঁওখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, গাঁওখনত যাতে বাহিৰৰ কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনত নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷ এইক্ষেত্ৰত গাঁওৰক্ষীয়েও প্ৰশাসনক যাৱতীয় সহযোগিতা আগবঢ়াইছে ৷ ইয়াৰ সমান্তৰালকৈ চিকিৎসা কৰ্মী সকলেও নিজৰ কৰ্তব্য পালন কৰি আছে ৷

লগতে পঢ়ক :গুজৰাটত টাউতেৰ ধ্বংসলীলা: 13 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details