অসম

assam

ETV Bharat / state

স্বাধীনতাৰ 73 বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও - বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টি

স্বাধীনতাৰ 73 বছৰ পাছতো কাছকুৰি গাঁৱে দেখা নাই উন্নয়নৰ মুখ ৷ এতিয়াও ঠেলাৰে নতুবা ভাৰ বান্ধি চিকিৎসালয়লৈ নিব লগা হয় ৰোগীক ৷ যাতায়ত , স্বাস্থ্য আৰু পানীৰ নূন্যতম সা - সুবিধাৰ পৰা আজিও বঞ্চিত গাঁওখনৰ ৰাইজ ৷

স্বাধীনতাৰ 73 বছৰ পাছতো কাছকুৰি গাঁৱে দেখা নাই উন্নয়নৰ মুখ
স্বাধীনতাৰ 73 বছৰ পাছতো কাছকুৰি গাঁৱে দেখা নাই উন্নয়নৰ মুখ

By

Published : Nov 2, 2020, 5:38 PM IST

বৰপেটা, 2 নৱেম্বৰ:স্বাধীনতাৰ 73 বছৰ পাছতো যাতায়ত , স্বাস্থ্য আৰু পানীৰ ন্যূনতম সা - সুবিধাৰ পৰা আজিও বঞ্চিত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কাছকুৰি গাঁও ৷ পথৰ দুৰৱস্থাৰ বাবে আজিও সৰুক্ষেত্ৰী সমষ্টিৰ কাছকুৰি গাঁৱৰ মাজেৰে চলাচল কৰিব নোৱাৰে কোনো চাৰিচকীয়া বাহন ৷ গাঁওখনৰ ৰাইজে জানিবলৈ দিয়া মতে পথৰ দুৰৱস্থাৰ বাবে তেওঁলোকে ৰোগীক ঠেলাৰে নতুবা ভাৰ বান্ধি চিকিৎসালয়লৈ নিব লগা হয় ৷

স্বাধীনতাৰ 73 বছৰ পাছতো কাছকুৰি গাঁৱে দেখা নাই উন্নয়নৰ মুখ

বিধায়ক জাকিৰ হুচেইন শিকদাৰৰ বিৰুদ্ধে চূড়ান্ত অকৰ্মণ্যতাৰ অভিযোগ উত্থাপন কৰি সৰুক্ষেত্ৰী সমষ্টিৰ কাছকুৰি গাঁৱৰ ৰাইজে গাঁওখন সংযোগী তিনিওটা পথেই সম্প্ৰতি অতি বিধ্বস্ত বুলি জানিবলৈ দিয়ে ৷ 180 টা পৰিয়াল থকা গাঁওখনত বৰ্তমানেও ৰাইজে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে অহা যোৱা কৰিব লাগে ৷

পথৰ দুৰৱস্থাৰ বাবে গাঁওখনেদি আজিও নচলে চাৰিচকীয়া বাহন

অভিযোগ অনুসৰি কাছকুৰিৰ কাউৰিহাগী পথৰ টিহু নদীৰ ওপৰৰ পূৰ্বৰ জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন জনাইছিল যদিও বিগত প্ৰায় দুই বছৰ ধৰি এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা নহ'ল । যাৰ ফলত গাঁৱৰ ৰাইজে চিকিৎসাৰ বাবে ৰোগীক থেলা বা ভাৰ বান্ধি নলবাৰী জিলাৰ টিহুলৈ নিব লগীয়া হয় । ইফালে কাছকুৰি উপ স্বাস্থ্য কেন্দ্ৰত এগৰাকী চিকিৎসক নিযুক্ত হৈ আছে যদিও বিগত ছয় মাহ ধৰি চিকিৎসক গৰাকী স্বাস্থ্য কেন্দ্ৰটোলৈ অহা নাই বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে অকৰ্মণ্যতাৰ অভিযোগ উত্থাপন কৰি ৰাইজে কয় যে বিধায়ক গৰাকীৰ চূড়ান্ত অবহেলা আৰু চৰম ব্যৰ্থতাৰ বাবেই তেওঁলোকে এনেদৰে দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে ৷

লগতে পঢ়ক:উন্নয়নৰ সৈতে অপৰিচিত মহানগৰীৰ এটা পাহাৰীয়া অঞ্চল

ABOUT THE AUTHOR

...view details