বৰপেটা, ৪ আগষ্ট : প্ৰতিবাদত উত্তাল হ’ল সৰ্থেবাৰী (Protest in Sarthebari) ৷ প্ৰাপ্য বিচাৰি এইবাৰ সৰ্থেবাৰীৰ একাংশ বন্যাৰ্তই চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীৰ অভিযোগ, সৰ্থেবাৰীৰ নামশালাৰ গাঁও প্ৰধান আৰু মণ্ডলে বন্যাৰ্তৰ বাবে অহা চৰকাৰী সকলো সামগ্ৰী হৰলুকি কৰিছে ৷
আনকি বন্যাৰ্তৰ নামৰ তালিকাত অন্তৰ্ভুক্ত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে নাম সন্নিবষ্ট কৰিছে গাঁও প্ৰধানৰ অঙহী-বঙহীকহে ৷ আনকি চৰকাৰী সাহাৰ্যও লাভ কৰিছে গাঁও প্ৰধানৰ পৰিয়ালৰ লোকেহে ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে নামশালাৰ একাংশ লোক (Villagers protest about flood relief at sarthebari)৷