অসম

assam

ETV Bharat / state

Illegal power connection in Assam:কলগাছিয়াত অবৈধ বিদ্যুৎ সংযোগকাৰীৰ বিৰুদ্ধে ভিজিলেন্সৰ অভিযান - অবৈধ বিদ্যুৎ সংযোগকাৰীৰ বিৰুদ্ধে ভিজিলেন্সৰ অভিযা

কলগাছিয়াৰ বিভিন্ন ঠাইত অবৈধভাৱে চলাই থকা বিদ্যুৎ সংযোগ চিনাক্ত ভিজিলেন্সৰ । জিলাখনৰ আমতলা আৰু ডিমাপুৰ গাঁৱত অবৈধভাৱে চলাই থকা বিদ্যুৎ সংযোগ চিনাক্ত কৰি সামগ্ৰী জব্দ ।

APDCL operation against illegal connection
কলগাছিয়াত অভিযান ভিজিলেন্সৰ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 3:16 PM IST

কলগাছিয়াত অভিযান ভিজিলেন্সৰ

জনীয়া, ১৬ ছেপ্টেম্বৰ:ৰাজ্য়ৰ বিভিন্ন ঠাইত একাংশ লোকে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি কাৰ্য সম্পাদন কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । বিদ্যুৎ বিভাগে এনে অসাধু লোকৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেবিজুলী ভৱনৰ মুখ্য কাৰ্যালয়ৰ পৰা ভিজিলেন্সৰ দল এটাই বৰপেটা জিলাৰ কলগাছিয়াত অভিযান চলায় । এই দলটোৱে শুক্ৰবাৰে কলগাছিয়াৰ বিভিন্ন ঠাইত অবৈধভাৱে চলাই থকা বিদ্যুৎ সংযোগ চিনাক্ত কৰি সামগ্ৰী সমূহ জব্দ কৰে ।

বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বিভিন্ন এলেকাত বিদ্যুৎ বিভাগৰ অভিযান চলায় । এই অভিযানকালত কেইবাটাও সামগ্ৰী জব্দ কৰে বিদ্যুৎ বিভাগে । উল্লেখযোগ্য যে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত আমতলা, ডিমাপুৰ, কলগাছিয়াকে আদি কৰি কেইবাঠাইত শুক্ৰবাৰে গুৱাহাটী বিজুলী ভৱনৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা ভিজিলেন্সৰ এটা দলে উপ-অধীক্ষক গৌৰাং লাল পাঠক আৰু DGM ভিজিলেন্স, তৰুণ চন্দ্ৰ দাসৰ নেতৃত্বত অভিযান চলায় ।

লগতে পঢ়ক:Tirubhav Tithi of Srimanta Sankardev: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰোভাৱ তিথি, কলিয়াবৰতো ব্যাপক প্ৰস্তুতি

এই অভিযানত এই কথা উন্মোচিত হয় যে কলগাছিয়াৰ আছুৰ উদ্দিনৰ ঘৰত আৰু তেওঁৰ এটা ব্যক্তিগত হোষ্টেলত বিগত চাৰি বছৰ ধৰি মিটাৰ নোহোৱাকৈ অবৈধভাৱে বিদ্যুৎ সংযোগ দি চলাই গৈছে । পিছে কলগাছিয়া আৰক্ষীৰ সহযোগত উক্ত ঘৰৰ পৰা এটা ৰেফ্ৰিজেটৰ আৰু এটা ইনভাৰ্টৰ জব্দ কৰে এই দলটোৱে । ইয়াৰ লগতে আমতলা আৰু ডিমাপুৰ গাঁৱত অবৈধভাৱে চলাই থকা বিদ্যুৎ সংযোগ চিনাক্ত কৰি কিছু সামগ্ৰী জব্দ কৰে ।

লগতে পঢ়ক:Pilgrimage Priests Protest in Kedarnath: কেদাৰনাথ তীৰ্থযাত্ৰী পুৰোহিতৰ প্ৰতিবাদ, আজি কেদাৰনাথ বন্ধৰ আহ্বান

ইপিনে, অবৈধভাৱে বিদ্যুৎ সংযোগেৰে চলাই থকা লোকসকলে ভৱিষ্যতে এনে অবৈধ কাৰ্য নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে । অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা লোকসকলক সজাগ কৰি দিয়ে বিষয়াৰ দলটোৱে । লগতে এই অভিযান অনাগত দিনত চলি থাকিব বুলি কয় ।

লগতে পঢ়ক:Amrit Brikshya Andolan : ডিব্ৰুগড়ৰ অভয়পুৰৰ হাপজানত অমৃত বৃক্ষ কাৰ্যসূচীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া বিধায়ক তৰংগ গগৈৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details