অসম

assam

By

Published : May 22, 2021, 11:02 AM IST

ETV Bharat / state

মিনি লকডাউনৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী

জনীয়াত পাচলিৰ খেতি কৰি বিপাঙত কৃষক । লকডাউনৰ বাবে বিক্ৰী কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি কৃষকৰ । উপায়ন্তৰ হৈ চৰকাৰৰ পৰা সাহায্যৰ দাবী জনালে কৃষকৰ ।

মিনি লকডাউনৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী
মিনি লকডাউনৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী

জনীয়া,22 মে’:এফালে মিনি লকডাউন, আনফালে দুৰ্ভোগ ভুগিব লগাত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷ লকডাউনৰ বাবেই স্থবিৰ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীক সকলৰ আয়ৰ উৎস ৷ পানীত হাঁহ নচৰা হৈছে কৃষক সকলৰ ৷ কিয়নো উৎপাদিত শাক-পাচলিৰ বিক্ৰী কৰিব নোৱাৰি বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে কৃষক সকল ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতি এতিয়া বাৰীতে গেলি-পচি যাব ধৰিছে ৷

মিনি লকডাউনৰ ফলত বিপাঙত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী

একাংশ কৃষকে ঋণ লৈ বহু আশাৰে কৰিছিল বেঙেনা, তিঁয়হ, বিলাহী, তিতা কেৰেলা, ভেণ্ডি আদিৰ খেতি ৷ কিন্তু মিনি লকডাউনৰ ফলত উপায়ন্ত হৈ পৰিছে এতিয়া কৃষক সকল ৷ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে এতিয়া কৃষক সকল ৷ ফলত কলগাছিয়া, জনীয়া, কাদং, ৰুপাকুছি, মহম্মদপুৰ, বাংলীপাৰাৰ কৃষকৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি ৷ উপায়ন্তৰ হৈ লকডাউনে জুৰুলা কৰা কৃষক সকলে চৰকাৰৰ পৰা বিচাৰিছে আৰ্থিক সহায়ৰ হাত ৷

লগতে পঢ়ক:আৰ্তজনলৈ সহায়ৰ হাত বৰগাং গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details