অসম

assam

জনীয়াৰ শ শ বিঘা কুঁহিয়াৰ খেতিত লাগিছে অচিন বেমাৰ

By

Published : May 27, 2021, 2:18 PM IST

জনীয়াৰ ডাউকমাৰী-বাংলিপাৰা গাঁৱত শ শ বিঘা কুঁহিয়াৰ খেতিত এক অচিন বেমাৰে আক্ৰমণ কৰিছে । পৰিস্থিতিৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কে ।

unknown-disease-of-sugarcane-in-the-field-of-jania
জনীয়াৰ শ শ বিঘা কুঁহিয়াৰ খেতিত লাগিছে অচিন বেমাৰ

জনীয়া,27 মে’: কৰ'ণা মহামাৰীৰ তাণ্ডৱ প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যত অব্যাহত থকা আংশিক লক ডাউনৰ ফলত ব্যাপকভাৱে লোকচানৰ সন্মুখীন হৈছে কুঁহিয়াৰ খেতিয়কসকল । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৮১ নং জনিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাউকমাৰী আৰু বাংলিপাৰা গাঁৱত খেতি পথাৰতে পচিবলৈ লৈছে শ শ বিঘা মাটিৰ কুঁহিয়াৰ খেতি ।

সম্প্ৰতি এই কুঁহিয়াৰ খেতি এক অচিন ৰোগৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে । উল্লেখযোগ্য যে, ডাউকমাৰী গাঁৱৰ খেতিয়কসকলে কুঁহিয়াৰ খেতিৰ ওপৰতেই নিৰ্ভৰশীল যদিও এইবেলি আংশিক লক ডাউনে মাধমাৰ শোধাইছে এইসকল কৃষকৰ মূৰত ।

জনীয়াৰ শ শ বিঘা কুঁহিয়াৰ খেতিত লাগিছে অচিন বেমাৰ

এই অঞ্চলটোৰ পৰা কলকাতা, শিলিগুৰি, অৰুণাচল, লক্ষীমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইলৈ কুঁহিয়াৰ ৰপ্তানি কৰা হয় যদিও লক ডাউনৰ ফলত কোনো ব্যৱসায়ী আহিব পৰা নাই অঞ্চলটোলৈ ৷ ফলত এতিয়া বিক্ৰী কৰিব নোৱাৰি কৃষকে কাটি পেলাই দিব লগা হৈছে কুঁহিয়াৰ ।

আনহাতে, অচিন বেমাৰৰ ফলত খেতিতে পচিবলৈ আৰম্ভ কৰিছে কুঁহিয়াৰসমূহ । একাংশ খেতিয়কে কুঁহিয়াৰবোৰ চহৰত নি মেচিনৰ জৰিয়তে ৰস বনাই বিক্ৰী কৰি এই কৰ্মৰ জৰিয়তে পৰিয়াল পোহপাল দিয়ে যদিও লক ডাউনৰ ফলত বিক্ৰীৰ অভাৱত চৰম লোকচানত পৰিছে কুঁহিয়াৰ খেতিয়কসকল । মূৰকত এতিয়া খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । উপায়ন্তৰ কুঁহিয়াৰ খেতিয়কসকলে এতিয়া ক্ষতিপূৰণ হিচাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য দাবী কৰিছে ।

লগতে পঢ়ক :বিজনীত ড্ৰাগছ বিৰোধী অভিযানত আটক 4

ABOUT THE AUTHOR

...view details