বৰপেটা, ২৬ নৱেম্বৰ :ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে শুকুৰবাৰে বৰপেটাত উপস্থিত হয় কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী ড৹ মহেন্দ্ৰ নাথ পাণ্ডে(Union Minister Of Heavy Industries Dr Mahendra Nath Pandey) ৷ বৰপেটাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ গাড়ী নিৰ্মাণ (অটোমোবাইল) ক্ষেত্ৰখন সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰদূষণমুক্ত শক্তি আহৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে(Priority to automobile sector ) ৷ উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ সৈতে ফেৰ মাৰি বৈদ্যুতিক শক্তি সম্পন্ন যান বাহন নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ৷
ইপিনে ৰাজ্যত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰ আগ্ৰহী বুলি বৰপেটাত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এইক্ষেত্ৰত ৰাজ্যৰ উদ্যোগমন্ত্ৰীয়ে দেশৰ লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্ৰীৰ সৈতে পদক্ষেপ গ্ৰহণৰ ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ দেশৰ নিবনুৱা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Schemes for unemployee) ৷