জনীয়া, 19 জুলাই : বৰপেটা জিলাত বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও দুৰ্দশাই লগ এৰা নাই কৃষক ৰাইজক । আহাৰমহীয়া বানৰ পিছত এতিয়া শাওনমহীয়া বানৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে জনীয়া সমষ্টিৰ সহস্ৰাধিক দৰিদ্ৰ কৃষক । বেঁকী নৈৰ বানে বিশেষকৈ বালিকুৰি আৰু মজিদভিটা গাঁৱৰ কৃষকৰ হাজাৰ বিঘা আহু ধান আৰু মৰাপাট খেতি নিঃশেষ কৰাৰ পাচত মূৰে-কঁপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকে।
কৃষকে অতি পৰিশ্ৰমেৰে কৃষিভূমিত আহু ধান আৰু মৰাপাট খেতিৰে অঞ্চলটোৰ পথাৰ সেউজীয়া কৰি তুলিছিল । কিন্তু পথাৰৰ পৰা ধান চপাই আনি ভঁৰালত গোটোৱাৰ সৌভাগ্য নহ'ল কৃষকসকলৰ । বেঁকী নৈৰ বানে এৰি থৈ যোৱা পলসত বোকাময় হৈ পৰিছে বহু পথাৰৰ সোণগুটি । মানুহে খোৱাৰ অনুপযোগী ধানসমূহ পশুধনৰ বাবে একঁকাল-এবুকু পানীত নামি চপাব লগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকলে ।