অসম

assam

ETV Bharat / state

পুতিগন্ধময় পৰিৱেশেৰে আবৃষ্ট এখন বজাৰ - swachh bharat abhiyan

অপৰিষ্কাৰ, অস্বাস্থ্যকৰ পৰিবেশত কলগাছিয়া বজাৰ । ভ্ৰূক্ষেপ নাই হাটলেচি, প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিৰ । কলগাছিয়া বজাৰক ঢুকি পোৱা নাই স্বচ্ছ ভাৰত, স্বচ্ছ সৰ্বেক্ষণ অভিযানে ।

unclean kalgachia market
কলগাছিয়া দৈনিক তথা সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিবেশ: চিন্তিত সচেতন মহল

By

Published : Apr 11, 2021, 12:22 PM IST

জনিয়া, 11 এপ্ৰিল : বৰপেটাৰ জনিয়া সমষ্টিৰ কলগাছিয়া দৈনিক তথা সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিবেশে চিন্তিত কৰি তুলিছে সচেতন মহলক । যি সময়ত ক'ৰণা ভাইৰাচে মহামাৰী ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বৰ নিদ্ৰাহৰণ কৰিছে, তেনে সময়ত কলগাছিয়াৰ দৰে অতি ব্যস্ততাপূৰ্ণ এখন বজাৰৰ এনে কদৰ্যময় পৰিবেশে এলেকাটোৰ মানুহৰ স্বাস্থ্য আৰু পৰিবেশৰ প্ৰতি থকা চৰম অৱহেলাৰ প্ৰমাণ দাঙি ধৰিছে ।

ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ নামত ৰাইজৰ উপাৰ্জিত কোটি-কোটি টকা খৰচ কৰিছে যদিও কলগাছিয়া বজাৰত ইয়াৰ অলপো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই । স্থানীয় জনপ্ৰতিনিধি, কলগাছিয়া প্ৰশাসনেও এই ক্ষেত্ৰত নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে । ৰাইজৰ পৰা কেৱল ৰাজহ সংগ্ৰহত ব্যস্ত থকা হাটলেচিজনকো কলগাছিয়া বজাৰৰ কদৰ্যময় পৰিবেশ সম্পৰ্কে কোনো প্ৰশ্ন কৰোতা নাই ৷

কলগাছিয়া দৈনিক তথা সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিবেশ: চিন্তিত সচেতন মহল

বজাৰখনত অতিকৈ অস্বাস্থ্যকৰ পৰিবেশত খাদ্য বস্তু বিক্ৰী হৈ আছে । যাৰ বাবে আমছু আৰু স্থানীয় ৰাইজে ১৫ দিনৰ ভিতৰত নলাসমূহ চাফা কৰি পৰিস্কাৰ পৰিবেশ গঢ়ি তোলাৰ বাবে কলগাছিয়া খণ্ড উন্নয়ন বিষয়া আৰু বৰপেটা জিলা উপায়ুক্তক দাবী জনাইছে ।

লগতে পঢ়ক :বিদেশত ঢোল বজাবলৈ যোৱা নাছিল মঘাই ওজা : সোমনাথ বৰা

ABOUT THE AUTHOR

...view details