অসম

assam

ETV Bharat / state

আলফাৰ শীৰ্ষ নেতা দ্বীপেন সাউদৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন - ULFA(I)

স্বাধীন অসমৰ সপোন ৰচি সূদীৰ্ঘ প্ৰায় ৩৫ বছৰ পূৰ্বে আলফাত যোগদান কৰা সৰভোগৰ দ্বীপেন সাউদে অৱশেষত নিজ গৃহলৈ উভতিল নশ্বৰ দেহ হৈ ৷ দ্বীপেন সাউদৰ নশ্বৰ দেহ সৰভোগৰ দুৰামাৰী গাঁৱত আহি পোৱাৰ পাছত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷

ulfa-leader-dwipen-sawd-cremation
আলফাৰ শীৰ্ষ নেতা দ্বীপেন সাউদৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

By

Published : Apr 29, 2021, 11:03 PM IST

বৰপেটাৰোড, 29 এপ্ৰিল : স্বাধীন অসমৰ সপোন ৰচি সূদীৰ্ঘ প্ৰায় ৩৫ বছৰ পূৰ্বে আলফাত যোগদান কৰা সৰভোগৰ দ্বীপেন সাউদে অৱশেষত নশ্বৰ দেহ হৈ নিজ গৃহলৈ উভতিল ৷

দ্বীপেন সাউদৰ নশ্বৰ দেহ সৰভোগৰ দুৰামাৰী গাঁৱত আহি পোৱাৰ পাছত এক শোকাকুল পৰিবেশ বিৰাজ কৰে ৷ দ্বীপেন সাউদ আলফাত যোগদান কৰাৰ কথা অঞ্চলটোৰ ৰাইজে শুনি আহিছিল যদিও নৱ প্ৰজন্মৰ বহু লোকে তেওক প্ৰত্যক্ষ কৰা নাছিল ৷ বৃহস্পতিবাৰে মৃত অৱস্থাত দ্বীপেন সাউদক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ তেওৰ নিজ গৃহত অজস্ৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

আলফাৰ শীৰ্ষ নেতা দ্বীপেন সাউদৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

সৰভোগ দুৰামাৰী গাঁৱৰ ৰাইজে জানিবলৈ দিয়া মতে, ১৯৮৭ চনত স্বাধীন অসমৰ সপোন দেখি আলফা সংগঠনলৈ গৈছিল দ্বীপেন সাউদ ৷ সুদীৰ্ঘকাল আলফাত থাকি সংগঠনৰ কাম-কাজ কৰি আহিছিল সাউদে ৷ বৃহস্পতিবাৰে বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত আৰক্ষী আৰু আলফাৰ গুলীয়াগুলিত নিহত হৈছিল দ্বীপেন সাউদ ৷ বেছিমাৰী গাঁৱৰ এঘৰত দুজন আলফা সদস্য আত্মগোপন কৰি থকা বুলি গোপন সূত্ৰৰ পৰা উমান পাই আৰক্ষীয়ে উক্ত ঘৰটোত অভিযান চলাইছিল ৷ আৰক্ষীৰ অভিযানত আলফা আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় আৰু উক্ত সংঘৰ্ষত আলফা (স্বা)ৰ দ্বীপেন সাউদ নিহত হয় ৷ আনহাতে আনজন আলফা সদস্যক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰে সন্ধিয়া এক শোকাকুল পৰিৱেশত তেওঁৰ নিজ গাঁও দুৰামাৰীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷


লগতে পঢ়ক : ৩৭ বছৰীয়া সংগ্ৰামৰ অন্তত স্ব-ভূমিত জীৱন মৰাণ

ABOUT THE AUTHOR

...view details