বৰপেটাৰোড 9 আগষ্ট :ড্ৰাগছ, (Drugs) ভাং, চুলাই মদ আদি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷
মুখ্যমন্ত্ৰীৰ নিদৰ্শৰ পিছতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ পৰাৰ মাজতে সোমবাৰে বৰপেটাৰোড আৰক্ষীয়ে তালাচী অভিযান চলাই গাঞ্জা সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱকদ্বয় ছফিকুল ইছলাম আৰু ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে ৷ ৰঙিয়াৰ পৰা এখন বাছেৰে দুজন যুৱকে প্ৰায় 9 কিলোগ্ৰাম গাঞ্জা মোনাত ভৰাই বৰপেটাৰোডলৈ কঢ়িয়াই আহি থকা বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷
সেই মৰ্মে বৰপেটাৰোড আৰক্ষীয়ে উত্তৰ বৰপেটাৰোডৰ নৱ নিৰ্মিত ৰে’লৱে অ’ভাৰ ব্ৰীজৰ কাষত তালাচী চলাই যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱকদ্বয়ৰ ঘৰ ৰঙিয়া তিনিআলিত বুলি জানিব পৰা গৈছে ৷