অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত বৰপেটা ট্ৰাক হাইজেকৰ দুই অভিযুক্ত - মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

২০২০ চনৰ ১৫ জুনত গুৱাহাটীৰ পৰা অহা মালভৰ্তি এ এছ ০১ এইচ চি ৪০৯০ নম্বৰৰ ট্ৰাকখন মালদিয়াত এটা দুৰ্বৃত্তৰ দলে হাইজেক (Hijack) কৰিছিল । মাজদিয়া আৰক্ষী (Majdia Police)য়ে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

two_trucks_hijacked_arrested_majdia_police
আৰক্ষীৰ জালত বৰপেটা ট্ৰাক হাইজেকৰ দুই অভিযুক্ত

By

Published : Jun 24, 2021, 5:04 PM IST

বৰপেটা, ২৪ জুন :বৰপেটাৰ সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত ট্ৰাক হাইজেক (Trucks Hijack) কাণ্ডৰ লগত জড়িত দুই অভিযুক্তক বুধবাৰে মাজদিয়া আৰক্ষী (Majdia Police)য়ে আটক কৰে । আটকাধীন অভিযুক্ত দুজন সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াৰ পশ্চিমপাৰাৰ আনাৰ আলী আৰু হৰমুজ আলী বুলি জানিব পৰা হৈছে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে অভিযান চলাই আটক কৰে দুই অভিযুক্তক ।

২০২০ চনৰ ১৫ জুনত গুৱাহাটীৰ পৰা অহা মালভৰ্তি এ এছ ০১ এইচ চি ৪০৯০ নম্বৰৰ ট্ৰাকখন মালদিয়াত এটা দুৰ্বৃত্তৰ দলে হাইজেক (Hijack) কৰিছিল । ট্ৰাকখন হাইজেক (Hijack)ৰ পিছৰে পৰা পলাতক হৈ আছিল অভিযুক্ত দুজন । মাজদিয়া আৰক্ষী (Majdia Police)য়ে অভিযান চলাই মাজদিয়াৰ পশ্চিমপাৰাৰ পৰা একেদিনাই হাইজেক (Hijack)হোৱা ট্ৰাকখন উদ্ধাৰ কৰিছিল ।

আৰক্ষীৰ জালত বৰপেটা ট্ৰাক হাইজেকৰ দুই অভিযুক্ত

ট্ৰাক হাইজেক (Hijack) কাণ্ডটোৰ লগত জড়িত থকাৰ অভিযোগত মঙলবাৰে আৰক্ষীয়ে তিনিটা আৰু ইয়াৰ পূৰ্বে ৬ টা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছিল ।

আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত তিনিটা চুৰফান খান, আৰফান খান আৰু ৰৌচান খান বুলি জানিব পৰা হৈছে । ট্ৰাক হাইজেক কাণ্ডৰ সন্দৰ্ভত সৰ্থেবাৰী থানাত ২০৭/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫ ধাৰাত গোচৰ ৰুজু হৈছিল । এই গোচৰৰ ভিত্তিত মাজদিয়া আৰক্ষী (Majdia Police)য়ে তদন্ত অব্যাহত ৰাখি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

ABOUT THE AUTHOR

...view details