বৰপেটা, ১ মে:নিৰাপত্তাহীনতাত বৰপেটাবাসী ৷ দীৰ্ঘদিন ধৰি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত চোৰে চাফাই অভিযান অব্যাহত ৰাখিছে (Two thieves caught stealing in mosque) ৷ এইবাৰ বৰপেটাৰ ঐতিহ্যমণ্ডিত 206 বছৰীয়া চেঙাৰ জামে মছজিদত নিশা চোৰ কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল দুটা গভাইত চোৰ ৷ নিশা হ'লেই যেন এতিয়া একাংশ ধৰ্মীয় অনুষ্ঠানৰ সুৰক্ষাৰ ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ পৰিছে ৷ চোৰৰ পৰা সুৰক্ষিত নহয় ধৰ্মীয় অনুষ্ঠানসমূহো (Two thieves detained) ৷
ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱতি নিশা মছজিদটোৰ পৰা শব্দ অহাত মছজিদৰ ওচৰে পাজৰে থকা লোকসকলে চাবলৈ মছজিদটোলৈ আহে (Thieves caught stealing in mosque in Barpeta) ৷ দুটা চোৰে মছজিদটোৰ খিৰীকিত গ্ৰীল থকাৰ বাবে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি দুটা চোৰে মছজিদৰ দানপাত্ৰৰ তলা ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰেহি ৷ চেঙা মুছলমান গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্য কহিম আলী আৰু তেওঁৰ সহযোগী বন্ধু আনোৱাৰ হুছেইনে চোৰ দুটাক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ।
তাৰ পিচতেই স্থানীয় লোকে তাৰাবাৰী আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষীৰ দল এটা উপস্থিত হোৱাত চোৰ দুটাক আৰক্ষীক গতাই দিয়ে ৰাইজে । ধৃত চোৰ দুটা গহিয়াৰ ৰকিবুল ইছলাম আৰু বাগোদিৰ হামিদুল ইছলাম বুলি জানিব পৰা গৈছে (Two thieves caught red handed)।