বৰপেটাৰোড 14 আগষ্ট : শুকুৰবাৰে নিশা প্ৰায় দহ বজাত বৰপেটাৰোডত দুটা চোৰক কৰায়ত্ত কৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে কেইজনমান লোকে ৷ প্ৰহাৰ কৰি চোৰ দুটাক ৰাজপথত পেলাই থয় লোক কেইজনে ৷ চোৰ দুটাৰ নাম সঞ্জয় লাহিৰী আৰু উত্তম পাঠক
বৰপেটাৰোডত দুই চোৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ - চিকিৎসালয়
বৰপেটাৰোডত দুই চোৰক গুৰুলা গুৰলকৈ প্ৰহাৰ স্থানীয় লোকৰ ৷ আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসালয়ত ৷
![বৰপেটাৰোডত দুই চোৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ two thief beaten](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8424791-thumbnail-3x2-hhds.jpg)
two thief beaten
দুই চোৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ
ইয়াৰে সঞ্জয় লাহিৰীৰ ঘৰ বৰপেটাৰোডৰ কদমতলত আৰু উত্তম পাঠকৰ ঘৰ খৈৰাবাৰীৰ কামাৰপট্টীত বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোডৰ ৰেলৱে’ ষ্টেচনৰ সমীপৰ এখন চেলুনৰ তলা ভাঙি চোৰ দুটাই ইনভাৰটাৰ আৰু বেটেৰী চুৰ কৰি নিছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে চোৰ দুটাক সংকটজনক অৱস্থাত ৰাজপথৰ পৰা উদ্ধাৰ কৰি বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ সম্প্ৰতি বৰপেটাৰোডৰ চিকিৎসালয়ত চোৰ দুটাক চিকিৎসা কৰি থকা হৈছে ৷
লগতে পঢ়ক :শ্ৰীৰাম আৰু মোডীৰ অশ্লীল ফটো ফেচবুকত আপল’ড দি ৰঙাঘৰৰ আলহী যুৱক