অসম

assam

By

Published : May 5, 2021, 10:02 AM IST

ETV Bharat / state

বৰপেটাৰোডত বাহনসহ দুটাকৈ চোৰ আটক

বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে বিয়লি ভাগত বৰপেটাৰোডৰ পৰা চুৰি হোৱা দুখনকৈ বলেৰ’ পিক আপ ভ্যানসহ দুটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ 3 মে’ত নিশাৰ ভাগত সংঘটিত হৈছিল এই চুৰিকাণ্ড ৷ বাহনৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত চোৰ দুটাক আটক কৰে আৰক্ষীয়ে ৷

thief-arrested-at-barpeta-road
বৰপেটাৰোডত চোৰ আটক

বৰপেটাৰোড, 5 মে’: মঙলবাৰে বিয়লি ভাগত বৰপেটাৰোডৰ পৰা চুৰি হোৱা দুখনকৈ বলেৰ’ পিক আপ ভ্যানসহ দুটাকৈ চোৰক আটক কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ আটকাধীন চোৰ দুটাৰ নাম শ্বাহজাহান আলী আৰু নজৰুল ইছলাম ৷ দুয়োৰে ঘৰ বৰপেটাৰ কয়াকুছিত বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰোডত চোৰ আটক

ঘটনা অনুসৰি, 3 মে’ত নিশাৰ ভাগত বাহন দুখন বৰপেটাৰোডৰ পৰা চুৰি কৰা হৈছিল ৷ চুৰি হোৱা বাহন দুখনৰ নম্বৰ AS-15-AC-0591 আৰু AS-15-AC-1207 ৷ চুৰিকাণ্ড সন্দৰ্ভত বাহন দুখনৰ স্বত্বাধিকাৰীয়ে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দিয়াৰ পাচতে আৰক্ষীয়ে অভিযান চলাই কৃষ্ণাই-মেঘালয় পথৰ পৰা কৃষ্ণাই আৰক্ষীৰ সহযোগত আটক কৰে চোৰ দুটাক ৷

উল্লেখ্য যে, বাহনত জিপিএছ লগোৱা আছিল যদিও গোৱালপাৰাৰ নৰনাৰায়ণ সেতুৰ সমীপত জিপিএছ আঁতৰাই দিয়ে চোৰ দুটাই৷ অন্যহাতে আনন বলেৰ’ পিক আপ বাহনত থকা জিপ এছ হাউলীৰ সমীপৰ কালঝাৰ পোৱাৰ লগে লগে আঁতৰাই দিয়া হয় ৷ অৱশ্যে বাহনখন মেঘালয় পথৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সম্প্ৰতি চোৰ দুটাৰ জেৰা অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে ৷

লগতে পঢ়ক :কৰ’ণাৰ ভয়াৱহতা : বন্ধ হ’ল পবিতৰা অভয়াৰণ্যৰ দুৱাৰ

ABOUT THE AUTHOR

...view details