কলগাছিয়া, 17 জুলাই :ক'ভিড আতংকৰ মাজতে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ তথা অপৰাধজনিত ঘটনা বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ অভিযানত প্ৰায় আটাইকেইখন জিলাতে জব্দ হৈছিল বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা জালনোট ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা কলগাছিয়া আৰক্ষীৰ (Kalgachiya Police) অভিযানত জাল নোটসহ জালত পৰিছে দুজন সৰবৰহকাৰী ৷ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবানন্দ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷
উল্লেখ্য যে, শুকুৰবাৰে নিশা কলগাছিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই জাল নোটসহ দুই পৃথক ঠাইৰ পৰা দুজকৈ জালনোট সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ অভিযানত গুনিয়ালগুৰি গাঁৱৰ মহিৰ উদ্দিন আৰু আদিতপুৰ গাঁৱৰ হুমায়ন কবিৰ নামৰ দুজন জালনোট সৰবৰাহকাৰী আটক কৰাৰ লগতে দুয়োজনৰ পৰা 1 লাখ 33 হাজাৰ জাল টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷