বৰপেটাৰোড, 30 আগষ্ট : দেওবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলায় বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱক দুজনৰ নাম অমিত সাহা আৰু আমছেৰ আলী ৷ যুৱকদ্বয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাৰে AS 01P 6893 নম্বৰৰ এখন মাৰুতি গাড়ীত উক্ত ব্ৰাউন ছুগাৰ সমূহ কঢ়িয়াই লৈ গৈ আছিল ৷
বৰপেটাৰোডত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন যুৱকক আটক - ড্ৰাগছৰ টেবলেট
এক গোপন সু্ত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

two person arrested
বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন যুৱকক আটক
এক গোপন সু্ত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় যুৱকদ্বয়ৰ পৰা 81 টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ, প্ৰায় 350 টা ড্ৰাগছৰ টেবলেট,30 হাজাৰ টকা আৰু দুটা মোবাইল ফোন জব্দ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ আৰু ব্ৰাউন ছুগাৰৰ মূল্য প্ৰায় পঞ্চাছ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ সম্প্ৰতি যুৱকদ্বয়ক বৰপেটাৰোড আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷